30 C
Guwahati
Tuesday, September 27, 2022
More

    লংকাত বিজেপিৰ ৱাৰ্ড কমিছনাৰ আৰু বিজেপি কৰ্মীৰ মাজত খণ্ড যুদ্ধ

    বৃহস্পতিবাৰে লংকাৰ ৪নং ৱাৰ্ডত আছিল বুথ কমিটীৰ এখন সভা। সভাখনত উপস্থিত আছিল ৪নং ৱাৰ্ড কমিছনাৰসহ স্থানীয় ৰাইজ

    লংকাৰ ৪নং ৱাৰ্ডত বিজেপি কৰ্মীৰ মাজত সংঘাত। বাট-পথৰ মেৰামতি সন্দৰ্ভত ৱাৰ্ড কমিছনাৰক স্থানীয় ৰাইজে অভিযোগ দিয়াত অগ্নিশৰ্মা হৈ পৰে বিজেপিৰ ৱাড কমিছনাৰ নাৰ সিং। তাৰ পিছৰ দৃশ্য এয়া। বৃহস্পতিবাৰে লংকাৰ ৪নং ৱাৰ্ডত আছিল বুথ কমিটীৰ এখন সভা। সভাখনত উপস্থিত আছিল ৪নং ৱাৰ্ড কমিছনাৰসহ স্থানীয় ৰাইজ।

    ৪নং ৱাৰ্ডৰ বাট-পথৰ শোচনীয় অৱস্হাৰ আৰু সমাগত দুৰ্গা পূজা উপলক্ষে স্হানীয় ৰাইজে কমিছনাৰ জনক বাট-পথ মেৰামতিৰ বাবে অভিযোগ দৰ্শাইছিল আৰু সেই কথাতে লাগি অগ্নিশৰ্মা হৈ পৰে বিজেপিৰ ৱাৰ্ড কমিছনাৰজন।

    বিজেপি দলৰ কৰ্মীৰ লগতেই ৱাৰ্ড কমিছনাৰজন লিপ্ত হয় খণ্ডযুদ্ধত যদিও স্হানীয় ৰাইজে পৰিস্হিতি নিয়ন্ত্ৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং