15 C
Guwahati
Tuesday, January 25, 2022
More

    সুৰক্ষা প্ৰদানৰ লগতে নিশাৰ মহানগৰীত সমস্বৰে অসমীয়া জনপ্ৰীয় গীত পৰিৱেশন আৰক্ষীৰ, ভাইৰেল ভিডিঅ’

    মহানগৰ আৰক্ষী বিষয়া পংকজ প্ৰতিম মহন্তই নিজৰ ফেচবুকৰ জৰিয়তে আপলোড কৰিছে এই ভিডিঅ'

    কৰ’ণাৰ বাবে সকলো এতিয়া সকলো লকডাউন। স্তব্ধ হৈ পৰিছে জনজীৱন। সাধাৰণ জনতাক কৰ’ণা মহামাৰীৰ প্ৰতি সক্ষ্য ৰাখি সুৰক্ষাজনিত কাৰণত থাকিবলৈ দিয়া হৈছে নিজ নিজ ঘৰত। পিছে এচাম যদি সুৰক্ষাৰ বাবে ঘৰত এচামে আকৌ সেই সুৰক্ষাৰ নামতেই দিন ৰাতি এক কৰি ওলাই আহিব লগা হৈছে ঘৰৰ বাহিৰলৈ।

    ডাক্তৰ, আৰক্ষীৰ লগতে অন্য জৰুৰী সেৱাৰ নাই আহৰি। পৰিৱেশ-পৰিস্থিত ভয়াবহ হ’লেও এই লোকসকল ওলাই আহিছে নিজ নিজ কৰ্তব্য পালনত। কোনোৱে যদি দিনৰ ভাগত জনসাধাৰণক দিছে সুৰক্ষা কোনোৱে আকো নিশাৰ মহানগৰীত দিছে তহল।

    তেনেই কৰ্তব্য পালনত ব্যস্ত কেইজনমান মহানগৰ আৰক্ষীক দেখা গ’ল এক ভিন্ন ৰূপত। দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ লগতে নিজৰ মাজতেই সাহস বঢ়াইছে ইটোৱে সিটোৰ। একেলগে গাইছে অসমীয়া জনপ্ৰীয় গীত।

    সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ১৯৭১ মুকলি হোৱা অৰণ্য বোলচবিৰ এটি জনপ্ৰিয় গীত, মান্না দে কণ্ঠ নিগৰিত “দিনৰ পোহৰ ৰংচঙীয়া” গীতটো আৰক্ষীৰ দলটোৱে সমস্বৰে গাইছে। মহানগৰ আৰক্ষী বিষয়া পংকজ প্ৰতিম মহন্তই নিজৰ ফেচবুকৰ জৰিয়তে এই ভিডিঅ’টো দিয়াৰ লগতে ড০ বিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’ কবিতাটোৰ লগত মিলাই দিছে এটা কেপছন।

    #নিশাৰ মহানগৰীত, #সাৰে আছো #আমি, আৰু আছে আপোনালোকলৈ বুলি #প্ৰীতি। শুভৰাত্রি।What #song would you like to hear in the next #video?

    Posted by Pankaj Pratim Mahanta on Thursday, 2 April 2020

    photo Credit: Pankaj Pratim Mahanta

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং