23.4 C
Guwahati
Wednesday, October 20, 2021
More

    ৰাজ্যসভাত দিনৰ ২ বজাত উত্থাপিত হ’ব বিতৰ্কিত কেব

    প্ৰায় ৬ ঘন্টাৰ বাবে কেবক লৈ ৰাজ্যসভাত চলিব বিতৰ্ক

    লোকসভাত গৃহীত হোৱাৰ পিছত বিধেয়কখন আজি উত্থাপন কৰা হ’ব ৰাজ্যসভাত। দিনৰ ২ বজাত উত্থাপিত হ’ব বিতৰ্কিত কেব। উত্থাপিত কৰাৰ পিছতে প্ৰায় ৬ ঘন্টাৰ বাবে কেবক লৈ ৰাজ্যসভাত চলিব বিতৰ্ক। বিতৰ্কৰ অন্তত ভোটৰ দ্বাৰা সিদ্ধান্ত লোৱা হ’ব গৃহীতকৰণক লৈ। কেব গৃহীত কৰাবলৈ বিজেপিক লাগে অন্য দলৰ সহায়, কেব গৃহীত হ’বনে নহয়, সেয়া নিৰ্ধাৰণ হ’ব কেবৰ সমৰ্থনত সংখ্যাগৰিষ্ঠতা লাভৰ ওপৰত।

    বিজেপিৰ লগতে কেবৰ সমৰ্থনত আছে জে ডি ইউ, আকালী দল আদি। আনহাতে বিপক্ষত আছে কংগ্ৰেছ, বি এছ পি, সমাজবাদী পাৰ্টী আদি। উল্লেখ্য যে অন্য কেইবাটাও দলে নিজৰ স্থিতি কেব সন্দৰ্ভত স্পষ্ট কৰিলেও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই মঙলবাৰে কয় যে শিৱসেনাই ৰাজ্যসভাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ নিদিয়ালৈ নাগৰিকত্ব সংশোধনী বিধেয়কক তেওঁলোকে সমৰ্থন নকৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং