22 C
Guwahati
Tuesday, October 26, 2021
More

    লোকসভাত উত্থাপন হ’ল CAB, অমিত শ্বাহ আৰু অধীৰ ৰঞ্জনৰ মাজত তীক্ষ্ণ বাক-বিতণ্ডা

    কংগ্ৰেছে ক'লে এই বিলখন উত্থাপন হোৱাটোৱেই সংবিধান বিৰোধী। কিন্তু অমিত শ্বাহে কৈছিল যেতিয়া বিলখনৰ ওপৰত আলোচনা হ'ব তেতিয়া উত্তৰ দিম

    কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে এই বিধেয়কখন উত্থাপন হোৱা বাবে সংবিধানৰ অনুচ্ছেদ ১৪ৰ উলংঘন কৰা হৈছে। কিন্তু অমিত শ্বাহে ক’লে যে এই বিধেয়কখন আহিলে সংখ্যালঘূসকলৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নপৰিব। এই বিধেয়কখন সংখ্যালঘূসকলৰ বিৰুদ্ধে নহয়।

    লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে সংসদত সৃষ্টি হয় হুলস্থুলৰ। TMCসহ কেইবাটাও বিৰোধী দলে এই বিলখন উত্থাপন হোৱাৰ কৰিলে বিৰোধিতা। কংগ্ৰেছে ক’লে এই বিলখন উত্থাপন হোৱাটোৱেই সংবিধান বিৰোধী। কিন্তু অমিত শ্বাহে কৈছিল যেতিয়া বিলখনৰ ওপৰত আলোচনা হ’ব তেতিয়া উত্তৰ দিম। মঙলবাৰৰ পৰা বিলখনৰ ওপৰত হ’ব আলোচনা।

    আছাদুদ্দীন অৱেছীয়ে ক’লে যে ধৰ্মনিৰপেক্ষ এই দেশৰ অংশ, এই বিধেয়কখনে মৌলিক অধিকাৰ খৰ্ব কৰিছে। এই বিধেয়খন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ আদেশৰ উলংঘন কৰা হৈছে। এই দেশখনত এই আইনৰ পৰা ৰক্ষা কৰক, গৃহ মন্ত্ৰীক ৰক্ষা কৰক।

    বিৰোধী নেতাৰ ফালৰ পৰা অনুচ্ছেদ ১৪ক লৈ যি প্ৰশ্নৰ উত্থাপন হৈছে সেই সন্দৰ্ভত অমিত শ্বাহৰ উত্তৰ। অমিত শ্বাহে ক’লে যে এই বিলখন সংবিধান উলংঘা কৰা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং