CAB 2019ৰ পৰা বাদ দিয়া হৈছে ষষ্ঠ অনুসূচী এলেকা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা বাদ পৰিব অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰাৰ ষষ্ঠ অনুসূচী ভুক্ত এলেকা, লগতে বাদ পৰিব (ILP)ইনাৰ লাইন পাৰ্মিট থকা এলেকা। কেবৰ আওতালৈ নাহে BTAD অঞ্চলো। নাগালেণ্ড আৰু অৰুণাচলতো প্ৰযোজ্য নহ’ব এই বিধেয়কখন।

বেংগল ইৰ্ষ্টান এণ্ড ফ্ৰণ্টিয়াৰ ৰেগুলেচন ১৮৭৪ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ। ৪নং দফাত উল্লেখ আছে এই সকলো কথা। OIC কাৰ্ড হল্ডাৰৰ বিৰুদ্ধে গোচৰ থাকিলে নাপাব নাগৰিকত্ব। গোচৰ মীমাংসা নোহোৱালৈকে নাগৰিকত্ব প্ৰদানত বাধা।

সাল–সলনি নহ’ল Cut of Date। ভিত্তিবৰ্ষ ২০১৪ চনৰ ৩১ ডিচেম্বৰেই বাহাল থাকিব। ফৰেনাৰ চেক ১৯৪৬ৰ অধীনত ১৯ জুলাই, ১৯৪৮ ভিত্তিবৰ্ষ।

ইয়াৰ পিছত কেৱল হিন্দু-বৌদ্ধ- শিখ-জৈন-পাৰ্চী-খ্ৰীষ্টিয়ানহে পাব নাগৰিকত্ব। ৬ বছৰতকৈ কম সময় বসবাস কৰিলে নাপাব নাগৰিকত্ব। পূৰ্বে এই সময় আছিল ১১ বছৰ।