23.4 C
Guwahati
Wednesday, October 20, 2021
More

    দিল্লীৰ সীলমপুৰত প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ আৰু কন্দুৱা গেছ

    প্ৰতিবাদৰ পিছতে ৱেলকাম, জাফৰাবাদ, মৌজপুৰ-বাবৰপুৰ মেট্ৰ' ষ্টেচন সমুহত প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছে

    নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশতে অব্যাহত হৈ আছে প্ৰতিবাদৰ জোৱাৰ। অসমৰ পিছতে এই প্ৰতিবাদৰ জোৱাৰ এতিয়া বিয়পি পৰিছে সমগ্ৰ দেশতে। দিল্লীত ইয়াৰ প্ৰতিবাদ হৈ পৰিছে একেবাৰে ভয়ংকৰ। সদ্যহতে কোনো দুৰ্বৃত্তই যাত্ৰীবাহী বাছত অগ্নিসংযোগ কৰাৰ পিছত এইবাৰ প্ৰতিবাদকাৰীৰ ওপৰত পৰিল আৰক্ষীৰ লাঠিচালনা। লগতে প্ৰতিবাদকাৰীৰ ওপৰত প্ৰয়োগ কৰা হ’ল কন্দুৱা গেছৰো।

    এই ঘটনা সংঘটিত হৈছে দিল্লীৰ সীলমপুৰত। এই প্ৰতিবাদত ভাগ লৈছিল কমেও ২সহশ্ৰাধিক লোকে। ঘটনাটিৰ ফলত আহত হৈছে কেইবাজনো প্ৰতিবাদকাৰী। জামিয়া অঞ্চলৰ পিছত এইদৰে সীলমপুৰত আৰম্ভ হৈছে প্ৰতিবাদৰ জোৱাৰ। বৰ্তমানে সমগ্ৰ অঞ্চলটোতে আৰক্ষী তথা সেনা নিয়োগ কৰা হৈছে। এই প্ৰতিবাদৰ পিছতে ৱেলকাম, জাফৰাবাদ, মৌজপুৰ-বাবৰপুৰ মেট্ৰ’ ষ্টেচন সমুহত প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছে।

    জানিব পৰা মতে, মংগলবাৰে পুৱাৰ ভাগত উলিওৱা এই প্ৰতিবাদত অংশ লোৱা কোনো লোকে আৰক্ষীক শিল নিক্ষেপ কৰাৰ ফলতে এইদৰে উত্তপ্ত হৈ পৰে পৰিস্থিতি। পিছত আৰক্ষীয়েও প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ আৰু কন্দুৱা গেছ প্ৰয়োগৰ পিছত পুনৰ উগ্ৰ হৈ পৰি প্ৰতিবাদকাৰী। এই সংঘৰ্ষৰ ফলত বহুতো প্ৰতিবাদকাৰী সহিতে আহত সৈতে কেইবাজনো আৰক্ষী জোৱান।

    Photo Credit: Livemint

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং