27 C
Guwahati
Wednesday, October 13, 2021
More

    CAAক লৈ দিল্লীৰ পিছত UPত সংকট, লক্ষ্ণৌত শিল নিক্ষেপ, সম্ভলত জ্বলালে বাছ

    দিল্লীত ভগৱান দাস ৰোড, ধোলাকুঁৱাসহ আন কেইবাটাও পথ বন্ধ কৰি দিয়া হৈছে

    দিল্লীৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে ল’লে হিংসাত্মক ৰূপ। প্ৰতিবাদকাৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি দলিয়ালে শিল আৰু CAA বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিবাদকাৰীসকলক বাধা প্ৰদানৰ বাবে আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছ।

    দিল্লীত ভগৱান দাস ৰোড, ধোলাকুঁৱাসহ আন কেইবাটাও পথ বন্ধ কৰি দিয়া হৈছে।

    উল্লেখ্য যে দেশজুৰি অব্যাহত আছে CAAৰ বিৰুদ্ধে প্ৰতিবাদ। বৃহস্পতিবাৰে পুনৰ দেশৰ কেইবাটাও অংশত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। লেফ্ট পাৰ্টীয়ে ভাৰত বন্ধৰ আহ্বান জনায়। তীব্ৰ প্ৰতিবাদৰ বাবে দেশৰ কেইবাটাও অঞ্চলত জাৰি কৰা হৈছে ১৪৪ ধাৰা। উত্তৰ প্ৰদেশ, কৰ্ণাটকৰ কেইবাটাও অংশত তীব্ৰ প্ৰতিবাদৰ সম্ভাৱনা।

    Photo credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং