23.4 C
Guwahati
Wednesday, October 20, 2021
More

    ‘CAA’ৰ প্ৰতিবাদ কৰি দিল্লীত আটক ভীম আৰ্মীৰ নেতা চন্দ্ৰশেখৰ আজাদ

    আটকাধীন ৪০ জনৰ ভিতৰত ৯ জন নাবালিক

    দেশৰ প্ৰতিতো প্ৰান্তেই নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত উতলি থকাৰ সময়তে আকৌ এবাৰ দিল্লীত হাল্লা বোল। দেশৰ ৰাজধানীত প্ৰতিবাদে এতিয়াও শাম কটা নাই। শুকুৰবাৰে সন্ধিয়া দৰিয়াজংগৰ সমীপত থকা আৰক্ষী চকীৰ বাহিৰত ৰখাই থোৱা বাহনত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰি দিয়ে। যাৰ বাবে পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে গতি কৰে

    ইয়াৰ পিছতেই আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ আৰু পানীহিলৈ প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক সেই স্থানৰ পৰা দূৰ কৰাৰ চেষ্টা কৰে। লগতে ৪০ জন মান প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। যাৰ ভিতৰত আছে ৯ জন নাবালিক।

    আনহাতে শনিবাৰে পুৱাভাগত দিল্লী আৰক্ষীয়ে আটক কৰে ভীম আৰ্মীৰ নেতা চন্দ্ৰশেখৰ আজাদক। শুকুৰবাৰে চন্দ্ৰশেখৰ আজাদে ভীম আৰ্মীৰ প্ৰায় শতাধীক কৰ্মীৰ লগত জামা মছজিদৰ সমুখত প্ৰতিবাদ কৰিছিল।

    Photo credit: IndiaTV

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং