25 C
Guwahati
Thursday, October 21, 2021
More

    CABত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

    কংগ্ৰেছ নেতা শশি থৰুৰে জনোৱা অনুসৰি তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিব, কাৰণ নাগৰিকক ধৰ্মৰ আধাৰত ভাগ কৰা নহয়

    কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত মোদী চৰকাৰে গ্ৰহণ কৰিলে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে। মোদী কেবিনেটে বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক দিলে অনুমোদন। ইয়াৰ পিছতে ইয়াক সংসদত উত্থাপন কৰা হ’ব। এই বিধেয়কখনক লৈ বিৰোধী দল আৰু উত্তৰ-পূৱত কেইবাটাও সংগঠনে বিৰোধিতা কৰি আছে। ইয়াৰ মাজতে চৰকাৰে এই সন্দৰ্ভত কি ধৰণে আগবাঢ়ে ইয়াৰ ওপৰত দৃষ্টি আৱদ্ধ হৈ পৰিছে।

    কেবিনেটৰ তৰফৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনে মঞ্জুৰী লাভ কৰিলে, কিন্তু সংসদত বিধেয়ক সন্দৰ্ভত বিবাদ বৃদ্ধি হোৱাৰ সম্ভাৱনা। কংগ্ৰেছ নেতা শশি থৰুৰে জনোৱা অনুসৰি তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিব, কাৰণ নাগৰিকক ধৰ্মৰ আধাৰত ভাগ কৰা নহয়। কংগ্ৰেছৰ ওপৰি AIMIM প্ৰধান আছাদুদ্দিন অৱেছীও এই বিলৰ বিৰোধিতা কৰে।

    নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত অসম আৰু উত্তৰ-পূৱত তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে কেবিনেটৰ বৈঠকত বিধেয়কখনে অনুমোদন লাভ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং