29 C
Guwahati
Thursday, September 22, 2022
More

    বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ পৰা জব্দ ৫৩ লক্ষাধিক টকা মূল্যৰ সোণ

    গুৱাহাটীৰ পৰা মুম্বাইলৈ ইণ্ডিগ' বিমানেৰে যোৱাৰ কথা আছিল দুয়োজন যাত্ৰী

    অপৰাধীৰ ঘাটিত যেন পৰিণত হৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। সময়ে সময়ে প্ৰায়ে বিমানবন্দৰত উদ্ধাৰ হৈ আছে সোণ।আকৌ বৰঝাৰ বিমানবন্দৰত CISFৰ অভিযানত উদ্ধাৰ হ’ল সোণ।

    জানিব পৰাম’তে 6E 433 বিমানযোগে গুৱাহাটীৰ পৰা মুম্বাইলৈ যোৱাৰ কথা আছিল নীতিন চাহু আৰু অমিত মেহেৰা নামৰ দুজন লোক। তাৰে নীতিন চাহু নামৰ লোকজনক বিমানবন্দৰৰ ভিতৰত পৰীক্ষা কৰোতে CISFৰ অভিযানত দুটাকৈ ৬৫০ গ্ৰামৰ ঘূৰণীয়া আকৃতিৰ সোণৰ টুকুৰা জব্দ কৰে আৰু একেখন বিমানতে যাত্ৰা কৰিব লোৱা অমিত মেহেৰা নামৰ লোকজনৰ ওপৰত CISFৰ সন্দেহ হোৱাত তেওঁকো চিচিটিভিৰ সহায়ত বিচাৰি উলিওৱাত তেওঁৰ পৰাও জব্দ হয় একে আকৃতিৰ ৬৫০গ্ৰাম সোণ।

    মঙলবাৰে সন্ধিয়া বৰঝাৰ বিমানবন্দৰৰ পৰা মুম্বাইলৈ ইণ্ডিগ’ বিমানেৰে যোৱাৰ কথা আছিল দুয়োজন। জব্দ হোৱা সৰ্বমুঠ ১কেজি ৩০০ গ্ৰাম সোণৰ মূল্য প্ৰায় ৫৩ লক্ষাধিক টকা হ’ব। CISF বাহিনীয়ে বৃহৎ মূল্যৰ সোণসহ আটকাধীন লোক দুজনক চমজাই দিয়ে শুল্ক বিভাগক।

    Photo Credit: @dulankalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং