25 C
Guwahati
Monday, October 25, 2021
More

    সফল হ’ল প্ৰধানমন্ত্ৰী মোদীৰ লডাখ যাত্ৰা; ২ কিঃমিলৈ পিছুৱাই যাবলৈ বাধ্য হ’ল চীনৰ সেনা

    লডাখৰ গলৱান ঘাটীত চীনৰ সেনাই নিজৰ স্থানৰ পৰা পিছুৱাই যাবলৈ আৰম্ভ কৰিছে। ভাৰতীয় সেনাও নিজৰ স্থানৰ পৰা পিছুৱাই আহিছে।

    ৪৮ ঘণ্টাজুৰি হোৱা নিবিড় কূটনৈতিক আলোচনা, সামৰিক ব্যস্ততা আৰু যোগাযোগৰ বাবে পিছুৱাই যাবলৈ প্ৰস্তুত হৈছে।

    এটা নিউজ এজেঞ্চীয়ে জনোৱা অনুসৰি এই বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লেহ যাত্ৰা কৰে।

    ইয়াৰ জৰিয়তে চীনক সিদ্ধান্তমূলক আৰু দৃঢ় বাৰ্তা প্ৰেৰণ কৰা হয়।

    ইফালে ভাৰতীয় সেনাৰ সূত্ৰই জনোৱা অনুসৰি সীমা বিবাদক লৈ হোৱা Corps commander স্তৰৰ বৈঠকত সিদ্ধান্ত অনুসৰি,

    চীনৰ সেনাই বিবাদ হোৱা অঞ্চলটোৰ পৰা টেণ্ট, বাহন আৰু সৈনিকসকলক ১-২ কিঃমিঃ পিছুৱাই লৈ আহিছে।

    সূত্ৰই জনোৱা অনুসৰি বৰ্তমানেও চীনৰ অস্ত্ৰ-শস্ত্ৰ ভৰ্তি বাহন গলৱান নদীৰ কাষতে ৰাখি থোৱা আছে।

    কিন্তু ভাৰতীয় সেনাই অতি সাৱধানতাৰে সম্পূৰ্ণ পৰিস্থিতি নজৰত ৰাখিছে।

    সুত্ৰ অনুসৰি চীন সৈনিকৰ পেট্ৰ’লিং পইণ্টো পিছুৱাই গৈছে।

    উল্লেখ্য যে, ইয়াতে দুয়োখন দেশৰে সেনাৰ মাজত সংৰ্ঘষ হৈছিল। ভাৰতীয় সেনাও অলপ পিছুৱাই গৈছে।

    ইফালে, চীনৰ সেনাৰ এই স্থিতিক লৈ বৰ্তমানেও ভাৰতীয় সেনাবাহিনীয়ে কোনোধৰণৰ অফিচিয়েল মন্তব্য কৰা নাই।

    উল্লেখ্য যে ১৫-১৬ জুনত গলৱান ঘাটীত ভাৰতীয় আৰু চীনৰ সৈনিকৰ মাজত হিংসাত্মক সংৰ্ঘষ হয়।

    এই সংৰ্ঘষত সেনাৰ ২০জন জোৱান শ্বহীদ হয়।

    Photo Credit: Amar Ujala

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং