28 C
Guwahati
Tuesday, October 4, 2022
More

    বৃহৎ কূটনৈতিক জয় ভাৰতৰ, গালৱান উপত্যকাৰ পৰা সেনা প্ৰত্যাহাৰৰ বাবে সন্মতি চীনৰ

    বৃহৎ কূটনৈতিক জয় ভাৰতৰ। লাডাখৰ গালৱান উপত্যকাৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ বাবে সন্মতি দিছে চীনে।

    চীনৰ বৈদেশিক মন্ত্ৰীৰ এক বিবৃতিত প্ৰকাশ পাইছে এই সিদ্ধান্ত। আলোচনাৰ মাজেৰে মীমাংসা কৰাত সন্মতি প্ৰদান চীনৰ।

    ভাৰত-চীনৰ সীমা বিবাদক লৈ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ মাজত টেলিফোনিক বাৰ্তালাপ।

    গালৱান উপত্যকাৰ পৰা দুয়োপক্ষই শান্তিৰ বাবে আতৰি অহাটো বাঞ্চনীয়। অৱশেষত এই সেনা প্ৰত্যাহাৰৰ বাবে সন্মতি চীনৰ।

    আৱশ্যে ভাৰত আৰু চীনৰ মাজত আলোচনা চলি থাকিব। ভাৰত-চীনৰ মাজত থকা বিৰোধ সংঘৰ্ষলৈ ৰূপান্তৰ কৰিব নালাগে।

    দুয়ো পক্ষৰ মাজত হোৱা বাৰ্তালাপত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। সীমান্তৰ পৰা ২কিলোমিটাৰ পিছুৱাই যাব চীন।

    ষ্টেটাচস্কো মানি চলাৰ প্ৰতিশ্ৰুতি দিছে চীনে। চীনৰ সেনাই বিবাদ হোৱা অঞ্চলটোৰ পৰা টেণ্ট, বাহন আৰু সৈনিকসকলক ১-২ কিঃমিঃ পিছুৱাই লৈ আহিছে।

    PP-14, PP-15 হটস্প্ৰীং আৰু ফিংগাৰ এৰিয়াৰ পৰা আতৰি যাব চীনা সৈন্য। অৱশ্যে বৰ্তমানেও চীনৰ অস্ত্ৰ-শস্ত্ৰ ভৰ্তি বাহন গলৱান নদীৰ কাষতে ৰাখি থোৱা আছে।

    সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে নিৰাপত্তা উপদেষ্টা অজিত ডোভালে।

    উল্লেখ্য যে ১৫-১৬ জুনত গলৱান ঘাটীত ভাৰতীয় আৰু চীনৰ সৈনিকৰ মাজত হিংসাত্মক সংৰ্ঘষ হৈছিল যি সংৰ্ঘষত শ্বহীদ হৈছিল ভাৰচীয় ২০জন জোৱান।

    Photo Credit: Times Now

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং