25 C
Guwahati
Wednesday, October 20, 2021
More

    লক্টাছে কৰিছে পাকিস্তানৰ নিদ্ৰাহৰণ; সহায় কৰিবলৈ বন্ধু চীনে পঠিয়াব ১ লাখ হাঁহ সেনা!

    বিগত ২০ বছৰৰ ভিতৰত সবাতোকৈ ভয়াৱহ শস্য অনিষ্টকাৰী পতংগ লক্টাছৰ বাবে হাহাকাৰৰ সন্মুখীন হৈছে পাকিস্তান

    পাকিস্তানত সন্ত্ৰাস সৃষ্টি কৰিছে আফ্ৰিকাৰ পৰা অহা লক্টাছ নামৰ শস্য অনিষ্টকাৰী পতংগবিধে। পাকিস্তানৰ শস্যক্ষেত্ৰত লাখ লাখ লক্টাছে চলাইছে নিধন যজ্ঞ। বিগত ২০ বছৰৰ ভিতৰত সবাতোকৈ ভয়াৱহ শস্য অনিষ্টকাৰী পতংগ লক্টাছৰ বাবে হাহাকাৰৰ সন্মুখীন হৈছে পাকিস্তান। পাকিস্তানৰ এই বিপদৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিছে সম্প্ৰতি কৰ’ণা ভাইৰাছে তচনচ কৰা চীন দেশ।

    চীন আৰু পাকিস্তানৰ মাজত আছে বন্ধুত্বসুলভ সম্পৰ্ক। সেই সম্পৰ্কৰ সুবাদতে পাকিস্তানৰ শস্যক্ষেত্ৰ ৰক্ষা কৰিবলৈ চীনে পাকিস্তানলৈ পঠিয়াব এক লাখ হাঁহৰ সেনানী। উল্লেখ্য যে বিগত দুটা দশকৰ পূর্বে চীনৰ জিনঝিয়াং অঞ্চলত পোক–পতংগই শস্যৰ অভাৱনীয় অনিষ্ট সাধন কৰোতে হাঁহ সেনাৰ দ্বাৰা শস্যক্ষেত্ৰক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল, সেই সফলতাৰ আধাৰতেই চীনে পাকিস্তানক হাঁহ সেনাৰ দ্বাৰা সহায় কৰাৰ প্রতিশ্রুতি প্ৰদান কৰিছে। চীনৰ এই হাঁহ সেনানীয়ে বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং