ক’ৰোণা ভাইৰাছে তচনচ কৰি দিছে চীনৰ স্বাভাৱিক জীৱন যাত্ৰা। আন্তৰ্জাতিক সংবাদ মাধ্যমত খলকনি তুলিছে চীনৰ মাতৃ-কন্যাৰ এক খবৰে। ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰুধিবৰ বাবে বৰ্তমান সময়ত চীনৰ এখন চহৰৰ পৰা আন এখন চহৰলৈ যাতায়াত ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে। য়ুহান চহৰৰ এখন গাঁৱৰ নিৱাসী লু য়ুৱেজিন নামৰ ৫০ বছৰীয়া মহিলাগৰাকীয়ে তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ২৬ বছৰীয়া কন্যা হু পিঙক কেম’থেৰাপী দিবৰ বাবে য়ুহানৰ পৰা জিউজিয়াং চহৰলৈ যাত্ৰা কৰিছিল।
য়াংটজে নদীৰ সিপাৰৰ জিউজিয়াং চহৰৰ হাস্পতাললৈ যাবলৈ ভ্রমণত থকা প্রতিবন্ধকতাৰ বাবে দুয়ো সমস্যাৰ সন্মুখীন হয়৷ য়াংটজে নদীৰ দলঙৰ মুখতেই আৰক্ষীয়ে তালাচী চকীত জিউজিয়াঙত প্রৱেশৰ ক্ষেত্ৰত দুয়ো মাতৃ-কন্যাক বাধা প্ৰদান কৰে।

নিজ কন্যাৰ জীৱনৰ স্বাৰ্থত মাতৃগৰাকীয়ে কান্দি কান্দি জিউজিয়াঙলৈ যোৱাৰ অনুমতি প্ৰদান কৰিবলৈ আৰক্ষীক অনুৰোধ জনাই যদিও আৰক্ষীয়ে মহিলাগৰাকীৰ অনুৰোধ গ্ৰহণ নকৰিলে। বিশ্বৰ প্ৰতিজন লোকৰে মাতৃ লু য়ুৱেজিনৰ হিয়াভঙা কান্দোনৰ ছবি আৰু ভিডিঅ’ প্ৰতক্ষ্য কৰি হৃদয় সেমেকি উঠিছে।