27 C
Guwahati
Thursday, September 29, 2022
More

    মহামাৰী কৰ’ণাই লৈছে সংহাৰী ৰূপ, মৃত্যুৰ সংখ্যা ৪১লৈ বৃদ্ধি

    এই পৰ্যন্ত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰায় ৯২৬

    ভয়াবহ হৈ পৰিছে কৰ’ণা ভাইৰাছৰ সংহাৰ। এইপৰ্যন্ত এই ৰোগত মৃত্যু ৪১জনৰ। চুবুৰীয়া দেশ ভাৰতৰ প্ৰতিও আহিছে বিপদৰ আগজাননী।

    প্ৰশাসনে সদৰি কৰা তথ্য অনুসৰি এই পৰ্যন্ত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰায় ৯২৬। প্ৰতি মূহূৰ্তই এজনৰ পিছত এজনকৈ আক্ৰান্ত হৈছে এই ভাইৰাছত। যাৰ বাবে প্ৰশাসনে দেশখনৰ মুঠ ১৫ খনকৈ চহৰৰ বন্ধ কৰি দিছে যাতায়ত। নাগৰিকসকল এতিয়া সুৰক্ষাজনিক কাৰণত সোমাই থাকিব লগীয়া হৈছে ঘৰৰ ভিতৰত।

    এই মাৰাত্মক ৰোগবিধ এতিয়া বিভিন্ন ৰাষ্ট্ৰতো বিয়পাৰ আশংকা। যাৰ বাবে চীনৰ চুবুৰীয়া দেশ ভাৰতৰ লগতে অন্য ৰাষ্ট্ৰ সমূহেও গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা।

    বৰ্তমানলৈ কোনো ধৰণৰ প্ৰতিশেধক বা চিকিৎসা আৱিষ্কাৰ হোৱা নাই চীনত সংহাৰী ৰূপ ধাৰণ কৰা এই ভাইৰাছ বিধৰ। ভাৰতৰো এগৰাকী কেৰেলাৰ নাৰ্চ যি ছৌডি আৰবত কৰ্মৰৰত, এই ৰোগবিধত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে।

    Photo Credit: China state media

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং