26 C
Guwahati
Thursday, September 22, 2022
More

    চীনত মহামাৰীৰ ৰূপত কৰ’ণা ভাইৰাছ, মৃত্যুৰ সংখ্যা ২৫লৈ বৃদ্ধি

    এই ভাইৰাছত আক্ৰান্ত হৈছে প্ৰায় ৮৩০ৰো অধিক লোক

    কৰ’ণা ভাইৰাছৰ বাবে হাহাকাৰ লাগিছে চীনত। এইপৰ্যন্ত ২৫জন লোকৰ মৃত্যু হোৱাৰ পিছত চীনত সৃষ্টি হৈছে ভয়াবহ পৰিস্থিতিৰ। এই ভাইৰাছ বিধে এতিয়া চানি ধৰি মহামাৰীৰ ৰূপ লৈছে চীনত। বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈছে প্ৰায় ৮৩০ৰো অধিক লোক।

    দেশখনৰ য়ুহান চহৰসহ তিনিখন চহৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। যাৰ বাবে আবদ্ধ হৈ পৰিছে ২কোটিৰো অধিক লোক। প্ৰতিজন নাগৰিককে চহৰ এৰাত নিষেধাজ্ঞা প্ৰদান কৰিছে চৰকাৰে। কোনোৱে যদি গোপনেও চহৰ এৰাৰ চেষ্টা কৰে তাৰ বাবে ব্যৱস্থা ল’ব চৰকাৰে। চহৰকেইখনত এক কোটিৰো অধিক লোকে বাস কৰে। স্থানীয় লোকসকলক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।

    চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰি বাহান আৰু য়ুহান চহৰৰ পৰা যাবলগীয়া সকলো যাতায়ত সেৱাও বন্ধ কৰি দিছে চীন প্ৰশাসনে। ইয়াৰ ভিতৰত আছে বিমান সেৱা, বাছ আৰু ৰে’ল সেৱা। এসপ্তাহৰ ভিতৰত চীনৰ পৰা লাখ লাখ লোক নতুন বছৰ উদযাপনৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল।

    চীনৰ য়ুহান চহৰত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা অধিক। এক কোটিৰো অধিক আবাসীৰ য়ুহান চহৰত এটা মুখ্য পৰিবহণ কেন্দ্ৰ আছে। অৱশ্যে বৰ্তমান জনসাধাৰণ ঘৰতে সোমাই থাকিবলৈ বাধ্য হৈছে।

    Photo: nypost.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং