25 C
Guwahati
Wednesday, October 20, 2021
More

    সৰুতে দেখিবলৈ বাৰু কেনে আছিল এইসকল বলীউড তাৰকা?

    সৌন্দৰ্যৰে ভৰপূৰ বলীউডৰ চেলিব্ৰেটীসকল সৰুতে দেখিবলৈ কেনেকুৱা আছিল জানিবলৈ বাৰু মন নাযায়নে

    বলীউডৰ নায়িক-নায়িকাসকলৰ জীৱনটোৱে সাধাৰণ মানুহক বৰকৈ আকৃষ্ট কৰে৷ তেওঁলোকৰ শৈশৱটো কেনেধৰণৰ আছিল সেই কথা জানিবলৈও অনেকৰ বহুত হেঁপাহ৷ সৌন্দৰ্যৰে ভৰপূৰ বলীউডৰ চেলিব্ৰেটীসকল সৰুতে দেখিবলৈ কেনেকুৱা আছিল জানিবলৈ বাৰু মন নাযায়নে? বলীউডৰ কেইগৰাকী মান তাৰকাৰ শৈশৱকালৰ ছবি আগবঢ়ালো আপোনালৈ-

    অক্ষয় কুমাৰঃ এইগৰাকী তাৰকা এতিয়া যিমান ফিট আৰু হেণ্ডচাম সৰুতেই সিমান আছিল মৰমলগা। ফটো দেখিয়েই গম পোৱা যায় ডাঙৰ হৈ যে এওঁ ছুপাৰষ্টাৰ হ’ব।

    Photo Credit: Amar Ujala

    আমিৰ খানঃ মিষ্টাৰ পাৰফেক্টশ্যনিষ্ট আমিৰ খান শৈশৱ কালতো বৰ মৰমলগা আছিল নহয়নে? হাঁহিটো চাওকচোন কেনে ধুনীয়া!

    Photo Credit: Amar Ujala

    চলমান খানঃ ডাবাংগ চলমান খানৰ সৰুকালৰ আকৰ্ষণীয় এখন ছবি।

    Photo Credit: Amar Ujala

    জন আব্ৰাহামঃ বলীউডৰ মষ্ট হেণ্ডচাম অভিনেতা জনৰ শাৰীৰিক অৱয়ৱ একেবাৰে নিখুঁত। বহু যুৱতীৰে সপোনৰ নায়ক জন সৰুকালত আছিল গলুমলু।

    Photo Credit: Amar Ujala



    ৰণবীৰ কাপুৰঃ বলীউডৰ মৰমলগা অভিনেতা ৰণবীৰ কাপুৰ সৰুৰে পৰাই মৰমলগা। এইখন ফটো দেখি কোনোৱে কমেণ্ট কৰিছিল… এএএএএএ বাবুক কোনে মাৰিলে…..

    Photo Credit: Amar Ujala





    ৰণবীৰ সিংঃ নিজৰ বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰণবীৰ সিং সৰুতে দেখিবলৈ আছিল এনেকুৱা-

    Photo Credit: Amar Ujala

    শ্ৰদ্ধা কাপুৰঃ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ দেউতাক শক্তি কাপুৰৰ কোলাত।

    Photo Credit: Amar Ujala

    আলিয়া ভাটঃ অতিকৈ মৰমলগা অভিনেত্ৰী আলিয়া ভাট সৰুৰে পৰাই আছিল অতি মৰমলগা।

    Photo Credit: Amar Ujala

    অনুষ্কা শৰ্মাঃ বলীউডত নিজৰ প্ৰতিভাৰ বলত সুকীয়া স্থান লভিবলৈ সক্ষম হোৱা আৰু এতিয়া বিৰাট কোহলীৰ পত্নী হিচাপেও সততে চৰ্চাত থকা অনুষ্কা শৰ্মাৰ শৈশৱ কালৰ কন্দনামুৱা এখন ছবি।

    Photo Credit: Amar Ujala

    বিকি কৌশলঃ বৰ্তমান সময়ৰ বলীউডৰ আগশাৰীৰ অভিনেতাসকলৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হোৱা বিকি কৌশলে নিজে শৈশৱ কালৰ এখন ফটো টুইটাৰত দি কেপশ্বন দিছিল-‘ফ্ৰিজৰ ভিতৰত সোমাই থকা আলু।’

    Photo Credit: Amar Ujala

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং