27 C
Guwahati
Friday, September 30, 2022
More

    কণমানিৰ ওপৰত অসৎ চৰিতাৰ্থ পূৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পূজাৰী

    পূজাৰীজনক মুকলি কৰি দিবলৈ নিশা কাকী থানাত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। দুৰ্গা পূজা সমিতিৰ একাংশ লোকে পূজাৰীজনক মুকলি কৰি দিয়াৰ দাবীত সৃষ্টি কৰে হূলস্থুলীয়া পৰিৱেশৰ

    নিকৃষ্ট, নিৰ্লজ্জ, লজ্জাজনক কাণ্ড! দুৰ্গা পূজাৰ মাজতে এজন পূজাৰীয়ে ৫ বছৰীয়া এটি কণমানিৰ ওপৰত চলালে যৌন উত্পীড়ন। লংকাৰ কাকী ১নং টঙিয়া শিৱ মন্দিৰৰ সমীপতে সংঘটিত হৈছে এই জঘন্য ঘটনা। ১০ টকা দিয়াৰ ছলেৰে কণমানিটিৰ ওপৰত যৌন নিৰ্যাতন আৰম্ভ কৰে ননীকেশ গোস্বামী নামৰ লম্পট পূজাৰীজনে। কাকী ১নং টঙিয়া শিৱ মন্দিৰৰ সমীপত হৈছিল দুৰ্গা পূজা। এই দুৰ্গা পূজাখনৰ বাবে ননীকেশ গোস্বামী নামৰ পূজাৰীজনক মাতি অনা হৈছিল ঠাইৰ পৰা।

    পূজাৰ কেইদিন দুৰ্গা পূজাথলীৰ ওচৰৰে এঘৰত আশ্ৰয় লৈছিল ননীকেশ গোস্বামীয়ে। তাৰ মাজতে দুৰ্গা পূজাৰ মহানৱমীৰ দিনা যৌন আতিশয্য চলায় লম্পট পূজাৰীজনে। ১০ টকা দি পূজাৰীজনে অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ চেষ্টা চলায় ৫ বছৰীয়া কণমানিটিৰ ওপৰত। পূজাৰীজনৰ কুকাণ্ডৰ কথা গম পাই লগে লগে আৰক্ষীক অভিযোগ দিয়ে কণমানিটিৰ মাতৃয়ে। সেই অনুসৰি বিজয়া দশমীৰ নিশা পূজাৰী ননীকেশ গোস্বামীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    আনহাতে পূজাৰীজনক মুকলি কৰি দিবলৈ নিশা কাকী থানাত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। দুৰ্গা পূজা সমিতিৰ একাংশ লোকে পূজাৰীজনক মুকলি কৰি দিয়াৰ দাবীত সৃষ্টি কৰে হূলস্থুলীয়া পৰিৱেশৰ। কিন্তু পূজাৰী ননীকেশ গোস্বামীয়ে আৰক্ষীৰ লগতে সাংবাদিকৰ কেমেৰাৰ আগতো অতি নিৰ্লজ্জভাৱে স্বীকাৰ কৰিছে কণমানিটিৰ ওপৰত অসৎ চৰিতাৰ্থ পূৰাবলৈ চেষ্টা চলোৱাৰ কথা। ৬০ ঊৰ্ধ্বৰ এইগৰাকী পূজাৰীয়ে সংঘটিত কৰা কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং