29 C
Guwahati
Monday, October 25, 2021
More

    আশ্ৰয়দাতা পৰিয়ালৰ সন্তানকে অপহৰণ কৰি নিলে অচিনাক্ত যুৱকে! ক’ত ঘটিছে এই অঘটন?

    এজাহাৰৰ ভিত্তিত আৰক্ষীও অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো সম্ভেদ পোৱা নাই। শিশু অপহৰণকাৰী ঘটনাত এক দুষ্ট চক্ৰ অঞ্চলটোত পিয়াপি দি আছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে

    টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাৰ পৰা শিশুক অপহৰণ। বাগিচাখনৰ ফেক্টৰী লাইনৰ সন্তোষ দৰ্জীৰ ৯ বছৰীয়া পুত্র বগাধৰ দৰ্জীক কোনো অচিনাকী যুৱকে যোৱা ১৯ নৱেম্বৰত ঘৰৰ পৰাই অপহৰণ কৰে । অপহৰণৰ ঘটনাই বাগিচাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৮ নৱেম্বৰত এজন অচিনাকী চাহ জনগোষ্ঠীয় যুৱকক নিশাটো কটাবলৈ আশ্ৰয় দিছিল সহজ-সৰল শ্ৰমিক সন্তোষ দৰ্জী পিতৃয়ে। পিছদিনা পুৱা ভাগত প্ৰায় ৯ বজাত দিকচম বাগিচাৰ পৰা আহিম বুলি কয় সন্তোষৰ নতুন বাইচাইকেলসহ পুত্ৰ বগাধৰ দৰ্জীক লগত লৈ যায়।

    অপহৰণকাৰী Photo : Time8

    সন্ধিয়ালৈকে যুৱকজন ঘূৰি নহাত পৰিয়ালৰ লোকে সকলোতে খা- খবৰ কৰিও আজি ১২ দিনে কোনো শুংসূত্ৰ পোৱা নাই। ইতিমধ্যে বামুণবাৰী আৰক্ষী চকীত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। এজাহাৰৰ ভিত্তিত আৰক্ষীও অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো সম্ভেদ পোৱা নাই। শিশু অপহৰণকাৰী ঘটনাত এক দুষ্ট চক্ৰ অঞ্চলটোত পিয়াপি দি আছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং