26 C
Guwahati
Thursday, September 22, 2022
More

    কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবু ৰাম পেগুলৈ ভাৰতীয় সেনাৰ বিশেষ সন্মান

    চলিত বৰ্ষত এই সন্মান দেশৰ ৪ গৰাকী বিষয়াই লাভ কৰিছে আৰু ইয়াৰে ৩ গৰাকী বিষয়া জন্মু কাশ্মীৰৰ হোৱাৰ বিপৰীতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবু ৰাম পেগুৱেই হৈছে অসম তথা উত্তৰ-পূবৰ একমাত্ৰ আৰক্ষী বিষয়া

    ভাৰতীয় সেনাৰ ‘চীফ অৱ আৰ্মী ষ্টাফ কমাণ্ডেশ্যন কাৰ্ড’ সন্মান লাভ কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবু ৰাম পেগুৱে। সেনা বিষয়াসকলৰ লগতে বিভিন্ন ক্ষেত্ৰত সেনাৰ সৈতে আগবঢ়োৱা সহযোগিতাৰ বাবে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ বিষয়াসকলকো প্ৰদান কৰা হয় এই সন্মান। চলিত বৰ্ষত এই সন্মান দেশৰ ৪ গৰাকী বিষয়াই লাভ কৰিছে আৰু ইয়াৰে ৩ গৰাকী বিষয়া জন্মু কাশ্মীৰৰ হোৱাৰ বিপৰীতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবু ৰাম পেগুৱেই হৈছে অসম তথা উত্তৰ-পূবৰ একমাত্ৰ আৰক্ষী বিষয়া।

    সন্ত্ৰাসবাদ দমনত সেনাবাহিনীৰ সৈতে আগবঢ়োৱা সহযোগিতাৰ লগতে জিলাখনত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে এইগৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে এই সন্মান। উল্লেখ্য যে ২০১৭ চনত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিছিল পেগুৱে।

    ২০০৪ বৰ্ষৰ এপিএছ বিষয়াগৰাকীয়ে জিলাখনৰ দায়িত্ব লাভ কৰাৰ পিছতে আইন-শৃংখলাৰ দিশটোত দেখা গৈছিল ইতিবাচক পৰিৱৰ্তন। বিশেষকৈ অশান্তজৰ্জৰ অঞ্চল হিচাপে পৰিচিত হোৱা সত্ত্বেও এইগৰাকী আৰক্ষী বিষয়াৰ বিশেষ সতৰ্কতাৰ বাবেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সমূহ কাম-কাজৰ লগতে চূড়ান্ত তালিকা প্ৰকাশৰ সময়তো জিলাখনত বিৰাজ কৰিছিল এক শান্তিপূৰ্ণ পৰিৱেশে।

    আনহাতে সেনাবাহিনীৰ সৈতে সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰতো নিজ দক্ষতাৰে কেবাটাও অভিযান সফল কৰি তুলিবলৈ সমৰ্থ হৈছিল এইগৰাকী আৰক্ষী বিষয়াই। আৰক্ষী বিভাগৰ তথ্য অনুযায়ী পেগুৰ নেতৃত্বত জিলাখনৰ ভিন্ন প্ৰান্তত চলা অভিযানত ৪টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৯৪ জনৰো অধিক সক্ৰিয় সদস্য জালত পৰিছিল। একেদৰে ৫৩টা অভিযানত একাধিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিও দক্ষতাৰ পৰিচয় দিছে এই এপিএছ বিষয়াগৰাকীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং