28 C
Guwahati
Thursday, December 2, 2021
More

    কাইলৈ অৱসৰ গ্ৰহণ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

    অযােধ্যা কাণ্ডৰ ৰায়দানেৰে ইতিহাস সৃষ্টি কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বৃহস্পতিবাৰে বিদায় সম্ভাষণ জনাই সর্বোচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনে

    উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰা ৰঞ্জন গগৈয়ে কাইলৈ অৰ্থাৎ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। অযােধ্যা কাণ্ডৰ ৰায়দানেৰে ইতিহাস সৃষ্টি কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বৃহস্পতিবাৰে বিদায় সম্ভাষণ জনাই সর্বোচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনে।

    অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) সময়মতে সম্পূর্ণ কৰাৰ লগতে সাম্প্রতিক সময়ত বৃদ্ধি পােৱা গােচৰৰ সংখ্যাৰ প্রতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তেওঁৰ কার্যকালৰ আন এক গুৰুত্বপূর্ণ বিষয়।

    আনহাতে নিজৰ কার্যকাল অন্ত পৰাৰ পূর্বে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কার্যালয় তথ্য জনাৰ অধিকাৰ আইনৰ অন্তৰ্গত হ’ব বুলি ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰপীঠে দিয়া ৰায়দান ঐতিহাসিক হিচাপে পৰিগণিত হৈছে।

    ইফালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব লােৱাৰ পূর্বে বিগত বছৰ অর্থাৎ ২০১৮ চনৰ ১২ জানুৱাৰীত সর্বোচ্চ ন্যায়ালয়ৰ আন ৩গৰাকী জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে তেওঁ সেই সময়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্রৰ বিৰুদ্ধে মুকলিকৈ সংবাদমেল সম্বােধন কৰা কাৰ্যই বিতর্ক সৃষ্টি কৰিছিল।

    বিগত বৰ্ষৰ ৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ ৪৬সংখ্যক মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বহুকেইটা গুৰুত্বপূৰ্ণ ৰায়দান তথা ন্যায় ব্যৱস্থাৰ বাবে প্রয়ােজনীয় কেতবােৰ কঠোৰ আৰু বলিষ্ঠ সিদ্ধান্ত লোৱা ৰঞ্জন গগৈ বিশেষকৈ অযােধ্যা কাণ্ডৰ ৰায়দানেৰে দেশজুৰি চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং