27 C
Guwahati
Wednesday, October 13, 2021
More

    অক্টোবৰত ১১টা দিনেই বন্ধ থাকিব বেংক, চাই লওক এইখন তালিকা

    যদি আপোনাৰ ধন আদান প্ৰদানৰ পৰিকল্পনা আছে তেন্তে সোনকাল কৰক

    সমাগত দুৰ্গা পূজা। পূজা উপলক্ষে এতিয়া চৌদিশে উখল মাখল পৰিৱেশ। কিন্তু উত্সৱৰ মাহটোত জ্বলা কলা খাব পাৰে আপুনি। কাৰণ অক্টোবৰ মাহত ১১টা দিনেই বন্ধ থাকিব বেংক।

    আহি আছে দুৰ্গা পূজা, দীপাৱলী আৰু দশেৰা। এই উত্সৱসমূহৰ বাবে চলিত মাহত ১১টা দিনেই বন্ধ থাকিব বেংকসমূহ। যদি আপোনাৰ ধন আদান প্ৰদানৰ পৰিকল্পনা আছে তেন্তে সোনকাল কৰক।

    চাই লওক এই বন্ধৰ তালিকা খনঃ

    ১. আজি ২ অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষে মাহটোৰ প্ৰথমটো বন্ধ।

    ২. ৬ অক্টোবৰ মাহটোৰ প্ৰথমটো দেওবাৰ। দেওবাৰ হোৱাৰ বাবে বন্ধ থাকিব বেংকসমূহ।

    ৩. ৭ আৰু ৮ অক্টোবৰ ৰাম নৱমী তথা বিজয়া দশমী বা দশেৰাৰ বন্ধ থাকিব বেংক।

    ৪. ১২ অক্টোবৰ মাহটোৰ দ্বিতীয়টো শনিবাৰ।

    ৫. ১৩ অক্টোবৰ দেওবাৰ হোৱাৰ বাবে বন্ধ থাকিব বেংকসমূহ।

    ৬. ২০ অক্টোবৰো দেওবাৰ হোৱাৰ বাবে বেংক বন্ধ থাকিব।

    ৭. দীপাৱলীত বেংক ৪ দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ ভিতৰত ২৬ অক্টোবৰ মাহটোৰ চতুৰ্থটো শনিবাৰ।

    ৮. ২৭ অক্টোবৰ দেওবাৰ হোৱা বাবে বেংক বন্ধ থাকিব। দীপাৱলী এইবাৰ দেওবাৰেই পৰিছে।

    ৯. ২৮ অক্টোবৰত গোবৰ্দ্ধন পূজাৰ বন্ধ থাকিব বেংক।

    ১০. ২৯ অক্টোবৰত ভাতৃ দ্বিতীয়া। এই দিনটোতো বন্ধ থাকিব বেংকসমূহ।

    photo credit: zeebiz.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং