26 C
Guwahati
Wednesday, September 28, 2022
More

    ২.১ কিলোমিটাৰ নহয়, ৩৩৫ মিটাৰত বিচ্ছিন্ন হৈছিল বিক্ৰমৰ সৈতে ISROৰ যোগাযোগ

    ৭ ছেপ্টেম্বৰত ইছৰোৰ মুন মিছন চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা ফটোই স্পষ্টভাৱে প্ৰমাণ কৰিছে যে ইছৰোৰ সৈতে বিক্ৰম লেণ্ডাৰৰ যোগাযোগ ৩৩৫ মিটাৰ উচ্চতাত বিচ্ছিন্ন হৈছিল।

    এখন ফটো ১০০০টা শব্দৰ সমানে হয় বুলি কোৱা হয়। সেই একেদৰে এখন ফটো যিখন ফটো মহাকাশ বিজ্ঞানত ইতিহাস হৈ থাকিব। ৭ ছেপ্টেম্বৰত ইছৰোৰ মুন মিছন চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ফটোখন। এই ফটোখনে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে ISROৰ সৈতে বিক্ৰম লেণ্ডাৰৰ যোগাযোগ ৩৩৫ মিটাৰ উচ্চতাত বিচ্ছিন্ন হৈছিল, ২.১ কিলোমিটাৰ নহয়।

    যিসময়ত বিক্ৰম অৱতৰণ কৰি আছিল, সেইসময় খিনিৰ সকলো তথ্য ইছৰোৰ মিছন অপেৰেছন কম্পলেক্স (MOX)ৰ স্ক্ৰীণত এখন গ্ৰাফৰ আকৃতিৰে দেখা গৈছিল। এই গ্ৰাফখনত ৩ ডাল ৰেখা দেখা গৈছিল। সেই ৩ ৰেখাৰ মাজৰ ৰেখাডালতে চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰে নিজৰ পথ নিৰ্ধাৰণ কৰিছিল। এই ৰেখাডাল ৰঙা ৰঙৰ আছিল।

    এয়া বিক্ৰম লেণ্ডাৰৰ বাবে ইছৰোৰ বৈজ্ঞানীকসকলে পূৰ্বে নিৰ্ধাৰিত কৰা এটা দিশ আছিল। কিন্তু বিক্ৰম লেণ্ডাৰৰ প্ৰকৃত সময় সেউজীয়া ৰঙৰ ৰেখাতহে প্ৰতিফলিত হৈছিল। সেউজীয়া ৰঙৰ ৰেখা ডাল পূৰ্বৰে পৰা ৰঙা ৰঙৰ ৰেখাৰ ওপৰাওপৰি হৈ আছিল।

    Image Credit: aajtak.intoday.in

    সকলো ঠিকেই চলি আছিল। বিক্ৰম লেণ্ডাৰ পূৰ্বে নিৰ্ধাৰণ কৰা ৰঙা ৰঙৰ ৰেখাৰে গৈ আছিল। গ্ৰাফখন লক্ষ্য কৰিলে দেখা পোৱা যাব যে ৪.২ কিলোমিটাৰ ওপৰতো বিক্ৰম লেণ্ডাৰৰ পথত কিছু সালসলনি হৈছিল কিন্তু পিছত সকলো পূৰ্বৰ দৰে হৈ উঠিছিল। কিন্তু ২.১ কিলোমিটাৰ উচ্চতাত নিৰ্ধাৰণ কৰা পথৰ বিপৰীত দিশে গতি কৰিছিল বিক্ৰম।

    photo credit: zeebiz.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং