29 C
Guwahati
Wednesday, October 13, 2021
More

    NASAৰ লুনাৰ অৰ্বিটাৰেও সন্ধান উলিয়াব নোৱাৰিলে লেণ্ডাৰ বিক্ৰমৰ

    লুনাৰ অৰ্বিটাৰে বিক্ৰমৰ লেণ্ডিং ছাইটৰ কেইবাখনো ফটো তুলিছিল যদিও স্পষ্ট ৰূপত লেণ্ডাৰৰ ঠিকনা উলিয়াব পৰা নাই

    আমেৰিকাৰ মহাকাশ এজেঞ্চী নাছাৰ লুনাৰ অৰ্বিটাৰো ব্যৰ্থ হ’ল চন্দ্ৰত চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ সঠিক ঠিকনা উলিওৱাত। মঙলবাৰে নাছাৰ অৰ্বিটাৰ বিক্ৰম লেণ্ডাৰৰ ওপৰেৰে অতিক্ৰম কৰিছিল আৰু েসই স্থানৰ ফটো তুলিছিল কিন্তু আন্ধাৰ হোৱাৰ বাবে স্পষ্ট হোৱা নাছিল ফটোসমূহ।

    লুনাৰ অৰ্বিটাৰে বিক্ৰমৰ লেণ্ডিং ছাইটৰ কেইবাখনো ফটো তুলিছিল যদিও স্পষ্ট ৰূপত লেণ্ডাৰৰ ঠিকনা উলিয়াব পৰা নাই। লেণ্ডাৰৰ ঠিকনা দেখা পোৱাৰ সম্ভাৱনাত ১৭ ছেপ্টেম্বৰৰ লোৱা ফটোৰ সৈতে পূৰ্বে লোৱা ফটোৰ তুলনা কৰিব লুনাৰ অৰ্বিটাৰে। নাছাই ইয়াৰ পূৰ্বে জনাইছিল যে লুনাৰ অৰ্বিটাৰ মঙলবাৰে চন্দ্ৰৰ সেই স্থানেৰে অতিক্ৰম কৰিব য’ত ইছৰোৰ চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ অৱস্থিতি ধৰা পৰিছিল।

    ২০-২১ ছেপ্টেম্বৰত সম্পূৰ্ণৰূপে আন্ধাৰ হৈ যাব চন্দ্ৰমাৰ দক্ষিণ মেৰু। ইছৰোই ৭ ছেপ্টেম্বৰত চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ অৱতৰণ কৰাৰ চেষ্টা চলাইছিল কিন্তু ২ কিলোমিটাৰ পূৰ্বে বিচ্ছিন্ন হয় যোগাযোগ। ইছৰোই কৈছিল যে আগন্তুক ১৪ দিনলৈ বিক্ৰমৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

    Photo Credit: in.mashable.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং