শণিবাৰে নিশা চাবুৱাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এখন সাধাৰণ দোকান দিয়াক লৈ পোন্ধৰজনীয়া এটা দলে হত্যা কৰিছিল পৰাগজ্যোতি নেওগ নামৰ এজন যুৱকজনক। সেই নৃশংহ হত্যাকাণ্ডত জড়িত ১২ জন হত্যাকাৰীক দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চাবুৱা আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা চাবুৱা কলাবাৰী গাওঁৰ ১২জন ব্যক্তি ক্ৰমে গণেশ চৰেণ, ৰাজীৱ চৰেণ, কুলদ্বীপ হেমেৰম, মনোজ চৰেণ, মহেশ মাৰান্দী, ৰাজু মাঝি, ৰমেশ চৰেণ, শংকৰ চৰেণ, পৰেশ চৰেণ, দিনেশ চৰেণ, ৰমেণ চৰেণ আৰু বিষ্ণু চৰেন। চাবুৱা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৯৭/১৪৮/৩০২ ধাৰাৰ অধীনত ১০০/২০২০নম্বৰত ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে চাবুৱাৰ বাইপাছতস্থিত কয়লাবাৰীত দোকান দিয়াৰ বাবেই সংঘটিত হৈছিল এই হত্যাকাণ্ডটো। বহুদিনৰ পৰা উক্ত বাইপাছত একাংশ লোকে ব্যৱসায় দিয়াৰ নামত অবৈধভাৱে মাটি দখল কৰি আহিছিল। অন্য লোকৰ দৰে মৃত ব্যক্তিজনেও উক্ত বাইপাছতে দোকান দি জীৱন নিৰ্বাহ কৰিবলৈ চৰকাৰী মাটিত খুটি পুতিছিল। কিন্তু শণিবাৰে নিশা হঠাৎ ওচৰৰে এই ১২গৰাকী ব্যক্তিয়ে পৰাগজ্যোতিক কিবা কথা আছে বুলি মাতি নি হত্যা কৰাৰ অভিযোগ উঠিছে।
Photo Credit: @abdulrajjak