27 C
Guwahati
Wednesday, October 13, 2021
More

    কা বিৰোধী আন্দোলনত সবাতোকৈ বিধ্বস্ত সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱা

    বিধায়কৰ বাসগৃহ,চাবুৱা ৰাজহ চক্ৰ কাৰ্যালয়,চাবুৱা ৰে'ল ষ্টেচন,চাবুৱা ডাকঘৰ,পঞ্চায়তৰ কাৰ্যালয়,বেংক সকলো জ্বলাই দিলে দুৰ্বৃত্তই

    কা বিৰোধী আন্দোলনৰ ভয়াৱহ ৰূপ। আন্দোলনত সবাতোকৈ বিধ্বস্ত হ’ল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা। কাৰ আন্দোলন-প্ৰতিবাদে চাবুৱাত হিংসাত্মক ৰূপ ধাৰণ কৰে। জ্বলাই দিয়া হ’ল চাবুৱাৰ বিধায়কৰ বাসগৃহ। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সবাতোকৈ বিধ্বস্ত হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱা,এইয়া চাবুৱাৰ বিধায়ক বিনোদ হাজৰীকাৰ বাসগৃহ।

    আন্দোলনৰ আৰু প্ৰতিবাদৰ নামত একাংশ দুৰ্বৃত্তই ১২ ডিচেম্বৰৰ দিনা জ্বলাই দিলে বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহ। জুইত চাৰখাৰ হ’ল বিধায়কৰ বাসগৃহৰ সকলো আচবাব। অগ্নিসংযোগৰ ফলত কথমপি প্ৰাণৰক্ষা পৰিল বিধায়ক বিনোদ হাজৰিকাৰ মাতৃৰ।

    কেৱল বিধায়কৰ বাসগৃহই নহয়,চাবুৱা ৰাজহ চক্ৰ কাৰ্যালয়,চাবুৱা ৰে’ল ষ্টেচন,চাবুৱা ডাকঘৰ,পঞ্চায়তৰ কাৰ্যালয়,বেংক সকলো জ্বলাই দিলে দুৰ্বৃত্তই। ইতিমধ্যে বিনোদ হাজৰিকাৰ মাতৃয়ে ঘৰত অগ্নিসংযোগ কৰাৰ সন্দৰ্ভত ৰুজু কৰিছে এক গোচৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং