দুদিনীয়া কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। আজি পুৱাই আহি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত হোৱা ৬৮তম উত্তৰ-পূব পৰিষদৰ কাৰ্যসূচীত অংশ ল’লে কেন্দ্ৰীয় মন্ত্ৰীজনে।
অনুষ্ঠানত অংশ লৈ গৃহ মন্ত্ৰীগৰাকীয়ে কয় – উত্তৰ-পূবৰ বিশেষ মৰ্যাদা ৩৭১ আৰু জম্মু-কাশ্মীৰৰ পৰা বাতিল কৰা অনুচ্ছেদ ৩৭০ৰ মাজত আছে বিশাল পাৰ্থক্য। জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছতে ৩৭১ও বাতিল কৰিব বুলি উত্তৰ-পূবৰ জনগণৰ মাজত ভুল ধাৰণা আৰু বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছিল একাংশই।
লগতে অমিত শ্বাহে কয় মই সংসদত ইতিমধ্যে স্পষ্ট কৰি দিছো যে অনুচ্ছেদ ৩৭০ বাতিল কৰা নহয় আৰু আজি মই উত্তৰ-পূবৰ ৮গৰাকীকৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত পুনৰ স্পষ্টকৈ জনাও যে কেন্দ্ৰীয় চৰকাৰে কেতিয়াও বাতিল নকৰে অনুচ্ছেদ ৩৭১।