26 C
Guwahati
Wednesday, September 28, 2022
More

    তেজছ এক্সপ্ৰেছৰ পিছত ১৫০খনৰো অধিক ৰে’ল হ’ব ব্যক্তিগত খণ্ডৰ!

    ৫০টা ৰে'লৱে ষ্টেচন আৰু ১৫০খনৰো অধিক ৰে'ল ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ যো-জা চলাইছে ভাৰতীয় ৰে'ল বিভাগে

    কেন্দ্ৰীয় চৰকাৰে ক্ষিপ্ৰ গতিত আৰম্ভ কৰিছে দেশৰ ৰে’ল ষ্টেচন আৰু ৰে’লৰ বেচৰকাৰীকৰণৰ প্ৰক্ৰিয়া। দেশৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ ৰে’ল তেজছ এক্সপ্ৰেছৰ শুভাৰম্ভণিৰ পিছত এতিয়া ৫০টা ৰে’লৱে ষ্টেচন আৰু ১৫০খনৰো অধিক ৰে’ল ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ যো-জা চলাইছে ভাৰতীয় ৰে’ল বিভাগে।

    নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে এই সম্পৰ্কে ইতিমধ্যে ৰে’ল বৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱলৈ প্ৰেৰণ কৰিছে পত্ৰ। যিখন পত্ৰত উল্লেখ কৰিছে ৫০টা ৰে’লৱে ষ্টেচন আৰু ১৫০খনৰো অধিক ৰে’ল ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ কথা।

    নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে ৰে’ল বৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱলৈ পঠিওৱা পত্ৰখনত লিখিছে যে – ‘পূৰ্বেই আপুনি জ্ঞাত যে যাত্ৰীবাহী ৰে’ল পৰিচালনাৰ বাবে ব্যক্তিগত খণ্ডৰ অপাৰেটৰ অনাৰ সিদ্ধান্ত লৈছে ৰে’ল মন্ত্ৰালয়ে আৰু প্ৰথমাৱস্থাত ১৫০খন ৰে’ল অন্তৰ্ভুক্ত কৰা হ’ব এই প্ৰক্ৰিয়াত।’ লগতে ৪০০ ৰে’ল ষ্টেচন ৱৰ্ল্ড ক্লাছ কৰাৰ লক্ষ্যৰ কথাও উল্লেখ কৰিছে নিটি আয়োগে প্ৰেৰণ কৰা পত্ৰখনত।

    Photo Credit : Down To Earth

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং