33 C
Guwahati
Tuesday, September 27, 2022
More

    গুৱাহাটী জিলা প্ৰশাসন-স্মাৰ্ট চিটিৰ উদ্যোগত গান্ধী মণ্ডপত গান্ধী উদ্যানৰ মুকলি

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে উদ্যানখন। লগত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে জিলা প্ৰশাসন আৰু স্মাৰ্ট চিটিৰ বিষয়ববীয়াসকল

    আজি গান্ধী জয়ন্তী। জাতিৰ পিতাক স্মৰণৰ উদ্দেশ্যে দেশজুৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। সেই একে উত্সাহেৰে অসমতো পালন কৰা হয় ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ২ অক্টোবৰক আন্তজাৰ্তিক অহিংসা দিৱস হিচাপে ঘোষণা কৰে। প্ৰতি বছৰে ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়। ভাৰতৰ প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একত্ৰিত ভাবে পালন কৰা তিনিটা দিৱসৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম। আন দুটা হৈছে ভাৰতৰ স্বাধীনতা দিৱস(১৫ আগষ্ট) আৰু গণৰাজ্য দিৱস(২৬ জানুৱাৰী)।

    ইফালে গুৱাহাটী জিলা প্ৰশাসন আৰু স্মাৰ্ট চিটিৰ উদ্যোগত শৰণীয়া পাহাৰত অৱস্থিত গান্ধী মাণ্ডপত গান্ধী উদ্যানৰ মুকলি কৰা হয়। স্মাৰ্ট চিটিৰ তত্ত্বাবধানত নতুনকৈ নিৰ্মাণ কৰা হৈছে গান্ধী উদ্যান। ২ কোটি ৫৬ কোটি টকা ব্যায়ৰে নির্মাণ কৰা হৈছে এই উদ্যানখন। উদ্যানখন নিৰ্মাণৰ বাবে সময় প্ৰয়োজন হৈছিল ৬ মাহৰ।

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে উদ্যানখন। লগত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে জিলা প্ৰশাসন আৰু স্মাৰ্ট চিটিৰ বিষয়ববীয়াসকল। ১৫০তম গান্ধী জয়ন্তী উপলক্ষে গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে মুখ্যমন্ত্ৰী সোণোৱালে আৰু মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।

    মহাত্মা গান্ধী প্ৰকৃত হিন্দু আছিল। সেয়ে হিন্দু, মুছলমান, শিখ আৰু ছাই সকলোকে সমান বুলি ভাবিছিল। সেয়ে আমি গান্ধীজীৰ আদৰ্শৰেই আগবাঢ়িব লাগিব। এতিয়া স্বচ্ছতা আহিছে। কিন্তু ৰাস্তা-ঘাট চাফ চিকুণ কৰিলেই নহ’ব, মনো স্বচ্ছতা হ’ব লাগিব। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

    ‘বাপুজিৰ প্রতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। গান্ধীজীয়ে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। আৰু সেই সপোন পূৰণ কৰিব কাৰণে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়াৰে স্বচ্ছ ভাৰত অভিযান অন্যতম। আজি ভাৰতবৰ্ষক বিশ্বৰ অন্যতম স্বাস্থ্যসন্মত ৰাষ্ট্ৰ গঢ় দিয়া বাবে প্ৰধানমন্ত্ৰীয়ে আঁচনি লৈছে। জল, পৰিবেশৰ ক্ষেত্ৰতো বিভিন্ন আঁচনি লৈছে প্ৰধানমন্ত্ৰীয়ে। এই আঁচনিসমূহ আমি ৰূপায়ন কৰিব লাগিব।’- উদ্যান মুকলি অনুষ্ঠানত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ।

    ইফালে ১৫০তম গান্ধী জয়ন্তী উপলক্ষে গহপুৰ পৌৰ সভাৰ উদ্যোগত গহপুৰ আৰক্ষী, মহকুমাধিপতি, পৌৰ সভা বিষয়ববিয়া, এনচিচি কেডেটসকলে গহপুৰ নগৰৰ মাজমজিয়াত প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে চাফাই অভিযান চলায়। তামুলপুৰতো মহকুমা প্ৰশাসনৰ উদ্যোগত স্বচ্ছভাৰত অভিযান।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং