শুকুৰবাৰে পাকিস্তানত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত বৰ্তমানলৈ ৮২ গৰাকী লোকৰ মৃত্যু হৈছে। পাকিস্তানৰ বিমান দুৰ্ঘটনাত যিটো বিমানখন পৰিছিল তাত যথেষ্ট ক্ষয়-ক্ষতি হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ৬০ ছেকেণ্ড পূৰ্বে পাইলটৰ সৈতে শেষবাৰৰ বাবে হোৱা কথাৰ অনুসৰি ইঞ্জিনত কাৰিকৰী বিজুতি ঘটিছিল। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে মৃত্যু হোৱা লোককেইজনৰ মৃতদেহৰ পৰিচয় পোৱাটো কঠিন হৈ পৰিছে। কৰাচী হাস্পতালৰ অনুসৰি বৰ্তমানলৈ মাত্ৰ ৩জন লোকৰহে পৰিচয় পোৱা গৈছে। বাকী লোকসকলৰ DNA পৰীক্ষা কৰোৱা হ’ব। এই দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। এই ফুটেজত ঘটনাটোৰ ভয়ংকৰ দৃশ্য দেখা পোৱা গৈছে।
বিষয়াসকলে জনোৱা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখন লাহোৰৰ পৰা আহি আছিল আৰু কৰাচীত অৱতৰণ কৰাৰ কথা আছিল কিন্তু ১ মিনিট পূৰ্বে মালিৰৰ মডেল কলনীৰ সমীপৰ জিন্না গাৰ্ডেনত বিমানখন দুৰ্ঘটনাত পতিত হয়।
Photo credit: abplive.com