26 C
Guwahati
Friday, November 26, 2021
More

    বঢ়মপুৰত গৰু চুৰ চক্ৰই গৰু চুৰ কৰি পলাওঁতেই খেদি খেদি আটক কৰে ৰাইজে

    নিশা গৰু চুৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পুৰণিগুদাম আৰক্ষী চকী। শতাধিক ৰাইজে গৰু চুৰক বিচাৰি আৰক্ষী চকীৰ চৌহদ উত্তাল কৰি তোলে।

    বঢ়মপুৰৰ বিভিন্ন প্ৰান্তত এটা গৰু চুৰ চক্ৰই দীৰ্ঘদিন ধৰি চুৰি কৰি আহিছিল গৰু।

    এই গৰু চুৰি চক্ৰটোক ধৰিবৰ বাবে আৰক্ষীৰ লগতে প্ৰতি দিনে ৰাইজেও নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰিছিল।

    নিশা বঢ়মপুৰ কন্দলি অঞ্চলৰ পৰা এই গৰু চুৰ চক্ৰই গৰু চুৰ কৰি পলাই যাওতে ৰাইজে খেদি খেদি বঢ়মপুৰ চলচলিত চক্ৰটোক ধৰা পেলাই।

    দুখন গাড়ী ব্যৱহাৰ কৰা গৰু চুৰি চক্ৰটোৰ এখন গাড়ী ৰাইজে ধৰিব পাৰিলে যদিও আন খন গাড়ী পলায় যাবলৈ সক্ষম হয়।

    এই খবৰ বিয়পি পৰাৰ লগে পুৰণিগুদাম আৰক্ষী চকীত গৰু চোৰক বিচাৰি শতাধিক ৰাইজ উপস্থিত হৈ আমাক ন্যায় লাগে বুলি পৰিৱেশ উত্তাল কৰি তোলে।

    জানিব পৰা মতে গৰু চুৰৰ লগত জড়িত এজন অভিযুক্ত কিছুদিন পূৰ্বে পুৰণিগুদামৰ নিকট ৰিলায়েঞ্চ তেল দিপুৰ ডকাইতিৰ গোচৰত ৰঙা ঘৰৰ আলহী হৈছিল।

    ৰঙা ঘৰৰ ম্যাদ শেষ কৰি এইবাৰ জড়িত হৈ পৰিছে গৰু চুৰী চক্ৰৰ লগত। দুপৰ নিশা লৈকে ৰাইজে থানা চৌহদ ঘেৰাও কৰি ৰখাৰ বাবে আৰক্ষীয়ে চত্ৰভংগ দিব লগা হয়।

    উল্লেখ যে নগাঁও জিলা বিভিন্ন প্ৰান্তত হৈ থকা গৰু চুৰ চক্ৰক ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে নগাঁও আৰক্ষী। আৰক্ষীয়ে ধৰিব নোৱাৰা এই চুৰ চক্ৰক নিজে ধৰিব লগা হল ৰাইজে।

    Photo Credit: @batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং