গোলাঘাটত সংঘটিত হৈছে বেংক হেকিঙৰ ঘটনা। এজন যুৱকৰ একাউণ্টৰ পৰা হেকাৰে লুটিলে লক্ষাধিক টকা। টকা হেৰুৱাই এতিয়া অথাই সাগৰত পৰিছে যুৱকজন। ধন হেৰুৱাৰ ঘটনাৰ তদন্ত কৰিবলৈ আহিছে ৰাজস্থানৰ আৰক্ষীও। গোলাঘাটৰ বিনোদ বৰা নামৰ এজন যুৱকৰ পাঞ্জাৱ নেচনেল বেংকত জমা ৰখা ১লাখ ৮হাজাৰ টকা হেকাৰে সুমুৱালে ৰাজস্থানৰ এজন ব্যক্তিৰ একাউন্টত।
কিন্তু তাৰপিছতে ব্যক্তিজনৰ একাউন্টৰ পৰাও হেকাৰে লৈ গ’ল সমস্ত ধন। ইফালে বিনোদ বৰা নামৰ যুৱকজনে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৰাজস্থানৰ আৰক্ষীয়ে। গোলাঘাটত উপস্থিত হৈ আৰক্ষীৰ দুজনীয়া তদন্তকাৰী দলটোৱে অভিযান চলাইছে।