গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ গৱেষিকা বিভাগৰ ৰেহেনা চুলতানা নামৰ এগৰাকী ছাত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ খেলক লৈ ফেচবুকত এটা বিতৰ্কিত পোষ্ট দিছিল দুবছৰ পূৰ্বে। কিন্তু এতিয়া মহানগৰ আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে জালুকবাৰী আৰক্ষী চকীত।

উল্লেখ্য যে, দুবছৰ পূৰ্বে অনুষ্ঠিত হোৱা ভাৰত আৰু পাকিস্তানৰ খেলত ভাৰতৰ পৰাজয়ত ৰেহেনাই ফেচবুকত এটা বিতৰ্কিত পোষ্ট কৰিছিল।
শেহতীয়াকৈ ছাত্ৰীগৰাকীৰ পোষ্ট সন্দৰ্ভত একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছিল। কিন্তু এতিয়া আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। ৰেহেনাই দিয়া পোষ্টটোৰ পিছতে ছচিয়েল মিডিয়াত তীব্ৰ বিৰ্তকৰ সৃষ্টি হৈছিল।