15 C
Guwahati
Monday, January 24, 2022
More

    আগৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত ভয়ংকৰ পথ দুৰ্ঘটনা, ৫জন লোকৰ কৰুণ মৃত্যু

    আটাইকেইজন লোক দিল্লীৰ পৰা উভতি প্ৰয়াগৰাজলৈ ৰাওনা হৈছিল আৰু সেই সময়তে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে আহত হয় এগৰাকী মহিলা

    শনিবাৰে উত্তৰপ্ৰদেশৰ ফিৰোজাবাদত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত গাড়ীত থকা ৫জন লোকৰ কৰুণ মৃত্যু হয়।

    আনহাতে আহত হয় এগৰাকী মহিলা। গুৰুতৰভাৱে আহত মহিলাগৰাকীক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয়।

    দুৰ্ঘটনাটো সংঘটিত হয় আগৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত। ফিৰোজাবাদ জনপদৰ থানা নছীপুৰ এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক ৰৈ আছিল।

    আগৰাৰ পৰা লক্ষ্ণৌ অভিমুখী এখন বাহনে ৰৈ থকা ট্ৰাকখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। খুন্দাত বাহনখনৰ আধা অংশই উৰি যায়।

    দুৰ্ঘটনাটোত বাহনখনত থকা ৫জন লোকে থিতাতে প্ৰাণ হেৰুৱাই।

    এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই ইউপিডাৰ কৰ্মচাৰী আৰু আৰক্ষী ঘটনস্থলীত উপস্থিত হয়।

    আহত মহিলাগৰাকীক এম্বুলেঞ্চেৰে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

    এইকেইজন লোকৰ মৃত্যু হয় দুৰ্ঘটনাটোত

    মৃত লোককেইজনৰ নাম ক্ৰমে অখিলেশ পাণ্ডে, ৰুবী, ৰৱীনেশ পাণ্ডে, কেশৱ পাণ্ডে আৰু নন্দিনী পাণ্ডে। আটাইকেইজন প্ৰয়াগৰাজৰ বাসিন্দা।

    আহত মহিলাগৰাকীৰ নাম প্ৰিয়ংকা পাণ্ডে।

    আটাইকেইজন লোকে ৰুবীক চিকিত্সাৰ বাবে দিল্লী লৈ গৈ আছিল।

    আটাইকেইজন লোক দিল্লীৰ পৰা উভতি প্ৰয়াগৰাজলৈ ৰাওনা হৈছিল আৰু সেই সময়তে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

    স্থানীয় লোকসকলে জনোৱা অনুসৰি বাহনখনৰ স্পীড যথেষ্ট আছিল। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

    Photo Credit: amarujala.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং