22 C
Guwahati
Tuesday, October 26, 2021
More

    দিল্লীবাসীৰ বাবে ফ্ৰী WiFi; এই সুবিধা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

    প্ৰথমটো ভাগত স্থাপন কৰিবলগীয়া ১১,০০০ হটস্পটৰ ৪০০০ হটস্পট(Hotspot) পৃথক পৃথক বাছ ষ্টেণ্ড আৰু ৭০০০ হটস্পট চহৰৰ বিভিন্ন বজাৰত আৰু RWAত স্থাপন কৰা হ'ব

    ৰাজধানী দিল্লীত কেজৰিবাল চৰকাৰে বিদ্যুৎ আৰু পানীৰ পিছত এতিয়া বিনামূলীয়া ৱাইফাই (Free WiFi) দিয়াৰ কথা ঘোষণা কৰিছে দিল্লীবাসীক। ১৬ ডিচেম্বৰৰ পৰা লাভ কৰিছে এই বিনামূলীয়া সেৱা। দিল্লীত কেইবাটাও ভাগত আৰম্ভ কৰা হ’ব এই ৱাইফাইৰ সুবিধা। প্ৰথম ভাগত ২২ লাখ লোকে লাভ কৰিব এই সুবিধা। দিল্লী চৰকাৰে কোৱা অনুসৰি বিনামূলীয়া ৱাইফাইপ সুবিধা প্ৰস্তুত কৰাৰ পিছত প্ৰথমতে ১১ হাজাৰ হটস্পট লগোৱা হ’ব আৰু পোনপ্ৰথমে ১০০ হটস্পটৰ উদঘাটন ১৬ ডিচেম্বৰত কৰা হ’ব। ১১ হাজাৰ হটস্পট লগোৱাৰ কাম সম্পূৰ্ণ হ’ব ৬ মাহত।

    প্ৰথমটো ভাগত স্থাপন কৰিবলগীয়া ১১,০০০ হটস্পটৰ ৪০০০ হটস্পট(Hotspot) পৃথক পৃথক বাছ ষ্টেণ্ড আৰু ৭০০০ হটস্পট চহৰৰ বিভিন্ন বজাৰত আৰু RWAত স্থাপন কৰা হ’ব। ১০০ হটস্পট প্ৰতিটো বিধানসভাৰ আধাৰত স্থাপন কৰা হ’ব। ইতিমধ্যে ইয়াৰ ৱৰ্ক অৰ্ডাৰ হৈ উঠিছে।

    চৰকাৰে ৱাইফাই ছাৰ্ভিচ দিয়া কোম্পানীক প্ৰতিটো হটস্পটত মাহৰ হিচাপত চাৰ্জ প্ৰদান কৰিব। ১৬ ডিচেম্বৰত ১০০টা স্থাপন হ’ব আৰু ইয়াৰ পিছত প্ৰতিটো সপ্তাহত ৫০০-৫০০লৈ বৃদ্ধি কৰা হ’ব। যেনে ১৬ ডিচেম্বৰত ১০০, ২৩ ডিচেম্বৰত ৬০০ আৰু ৩০ ডিচেম্বৰত ১১০০টা স্থাপন কৰা হ’ব। এইধৰণে ৬ মাহত ১১০০০টা হটস্পট স্থাপন কৰা হ’ব।

    Photo credit: newsstate.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং