20 C
Guwahati
Saturday, January 29, 2022
More

    Breaking: ২৩-৩১ মাৰ্চলৈকে পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ কাছাৰ জিলা বন্ধ ঘোষণা প্ৰশাসনৰ

    আপৎকালীন সেৱাৰ কেইখনমান যান-বাহনৰ বাদে সকলোধৰণৰ যান বাহনৰ সেৱা বন্ধৰ নিৰ্দেশ

    বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছক লৈ কাছাৰ জিলা প্ৰশাসনে কেইটামান গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিছে।
    কাছাৰৰ জিলা প্ৰশাসনে ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ কাছাৰ জিলা বন্ধ ঘোষণা কৰিছে। ইয়াৰ উপৰিও আপৎকালীন সেৱাৰ কেইখনমান যান-বাহনৰ বাদে সকলোধৰণৰ যান বাহনৰ সেৱা বন্ধৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে।

    আজি পুৱা কাছাৰৰ উদাৰবন্দৰ সাপ্তাহিক বজাৰ বন্ধ কৰিবৰ বাবে মহকুমা প্ৰশাসনৰ নিৰ্দেশত আৰক্ষীৰ এটা দলে উঠিপৰি লগা দেখিবলৈ পোৱা গৈছে।যাতে জনতাৰ সমাগম বজাৰ দোকান পোহাৰসমূহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলাইছে উদাৰবন্দ প্ৰশাসনে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং