15.2 C
Guwahati
Saturday, November 27, 2021
More

    অসমৰ বাহিৰত থকা ৩ লাখ ৬১ হাজাৰ লোকক এপ্ৰিল, মে’ আৰু জুনত ২০০০কৈ দিব চৰকাৰে

    ঢুলীয়া, খুলীয়া, নাগাৰা নাম, বেণ্ডপাৰ্টিৰ লোক আৰু শিল্পীসকলক এপ্ৰিল, মে' আৰু জুন মাহত দিব ২০০০কৈ (মুঠ ৬০০০) টকা

    খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মূলত ক’ভিডৰ ওপৰত আলোচনা হয় এই বৈঠকখনত। ‘বহিঃৰাজ্যৰ পৰা আহিবলগীয়া মানুহ কোৱাৰেণ্টাইনত যাবই লাগিব। চৰকাৰে কঠোৰ দৃষ্টি ৰাখিব বাহিৰৰ পৰা অহা লোকসকলৰ ওপৰত। যিসকল যুৱক-যুৱতীয়ে কৃষিখণ্ডৰ ওপৰত গুৰুত্ব দিছে তেওলোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ় লৈ উঠা ভৰলুপুৰীয়া ফাৰ্মত ১১৭৬ বিঘা মাটি আৱণ্টন কৰা হ’ব।’- বৈঠকৰ অন্তত সংবাদমাধ্যমক এই কথা জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

    ‘অসমৰ বাহিৰত থকা ৩ লাখ ৬১ হাজাৰ লোকক এপ্ৰিল, মে’ আৰু জুন মাহত ২০০০ টকাকৈ দিব চৰকাৰে। ঢুলীয়া, খুলীয়া, নাগাৰা নাম, বেণ্ডপাৰ্টিৰ লোক আৰু শিল্পীসকলক এপ্ৰিল, মে’ আৰু জুন মাহত দিব ২০০০কৈ (মুঠ ৬০০০) টকা।’- এই ঘোষণা মন্ত্ৰীগৰাকীৰ। মথাউৰী নিৰ্মাণক লৈও কেবিনেটত আলোচনা কৰা হৈছে।

    বানপানীৰ বাবে পাবলগীয়া সকলো সাহাৰ্য সামগ্ৰী মজুত কৰিবলৈ DCসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে। এগৰাকী মন্ত্ৰীক অতিকমেও দুখন জিলাৰ দায়িত্ব ল’বলৈ কোৱা হৈছে। অসমত এতিয়াও কমিউনিটি ট্ৰাঞ্চমিচন হোৱা নাই। লোক শিল্পীসকলক সাংস্কৃতিক মন্ত্ৰণালয়ে তালিকাভুক্ত কৰিব। এই কথা প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বিদ্যালয় খোলাক লৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলিও জনালে মন্ত্ৰী পাটোৱাৰীয়ে।

    মূল্যবৃদ্ধি সন্দৰ্ভতো কেবিনেটত আলোচনা কৰা হৈছে। ব্যৱসায়সকলক এই দুৰ্যোগৰ সময়ত কৃত্ৰিম মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান চৰকাৰৰ। টীম আছামৰ অংশীদাৰ হ’বলৈ ব্যৱসায়ীসকলক আহ্বান জনোৱা হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং