33 C
Guwahati
Wednesday, September 28, 2022
More

    নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি আলোচনা হ’ল নেডাৰ সন্মিলনত?

    বৰ্তমান প্ৰযোজ্য হৈ থকা আইনসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক। ইনাৰলাইন পাৰ্মিটৰ ক্ষেত্ৰতো বাধা নহয় এই বিধেয়কখন

    গুৱাহাটীত অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’ল নেডাৰ সন্মিলন। আৰু এই সন্মিলনত মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত হয় আলোচনা। নাগৰিকত্ব বিলত কি কি সংশোধনী কৰিব সেই সন্দৰ্ভত আলোচনা কৰিছে নেডাৰ সন্মিলনত। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।

    কাট অফ ডেট থাকিব নাগৰিকত্ব সংশোধনী বিধেয়কত, এই বিধেয়কৰ বাবে কাট অফ ডেট হ’ব ৩১ ডিচেম্বৰ, ২০১৪। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই তথ্য জনোৱা বুলি সংবাদমেলত ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    বৰ্তমান প্ৰযোজ্য হৈ থকা আইনসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক। ইনাৰলাইন পাৰ্মিটৰ ক্ষেত্ৰতো বাধা নহয় এই বিধেয়কখন। সংবাদমেলৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই সকলো কথা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং