22 C
Guwahati
Tuesday, October 26, 2021
More

    Breaking: ৰাজ্যসভাত উত্থাপিত হ’ল বিতৰ্কিত কেব

    দিনৰ ২ বজাত উত্থাপিত হোৱাৰ কথা আছিল বিতৰ্কিত কেবৰ

    ৰাজ্যসভাত দিনৰ ২ বজাত উত্থাপিত হোৱাৰ কথা আছিল বিতৰ্কিত কেবৰ। পিছে ২ বজাৰ পূৰ্বেই উত্থাপিত হ’ল বিতৰ্কিত কেবৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ল লোকসভাত আৰু আজি অৰ্থাৎ বুধবাৰে ৰাজ্যসভাত উত্থাপন কৰা হ’ল। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিলখন উত্থাপন কৰিলে। বিৰোধীয়ে বিলখনত ধাৰাৱাহিকভাৱে বিৰোধিতা কৰি থকাৰ লগতে এই বিধেয়কখনক সংবিধান বিৰোধী বুলি আখ্যা দিছে। এই বিলখনৰ বিৰুদ্ধে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ।

    কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ক’লে যে সদনৰ সন্মুখত এখন ঐতিহাসিক বিল লৈ আহিছো। এই বিলখনৰ যি নিয়ম ইয়াৰ দ্বাৰা কোটি লোক লাভৱান হ’ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশত যি সংখ্যালঘূ লোকসকল থাকে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত নাছিল কিন্তু এতিয়া তেওঁলোকে লাভ কৰিব সমান অধিকাৰ।

    যি সংখ্যালঘূ লোকসকল ধাৰ্মিক প্ৰতাৰণাৰ বাবে ভাৰতলৈ আহিছিল তেওঁলোকে ইয়াত সুবিধা লাভ নকৰিলে। পাকিস্তানত ২০ শতাংশ সংখ্যালঘূ আছিল কিন্তু বৰ্তমান ৩ শতাংশহে বাচি আছে। এই বিলখনৰ জৰিয়তে হিন্দু, জৈন, শিখ, বৌদ্ধ, খ্ৰীষ্টিয়ান, পাৰ্চী শৰণাৰ্থীসকলে পাব ৰেহাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং