30 C
Guwahati
Wednesday, October 27, 2021
More

    CABৰ সমৰ্থনত ওলাই আহিছে বৰাকৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন

    বঙালী লোকৰ স্বাৰ্থতেই কেবক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে এম হিফজুৰ ৰহমানে

    জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যত হেজাৰ হেজাৰ লোক ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে। কিন্তু বৰাকৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘বৰাক ডেভেলপমেণ্ট পৰিষদ’ চমুকৈ’ বিডিপি’ CABৰ সমৰ্থনত ওলাই আহিছে। আজি হাইলাকান্দি জিলা আলগাপুৰত এক সংবাদমেল পাতি এই কথা জানিবলৈ দিয়ে বিডিপি সংগঠনৰ কেন্দ্ৰীয় নেতা তথা দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ত সভাপতি এম হিফজুৰ ৰহমানে।

    বঙালী লোকৰ স্বাৰ্থতেই কেবক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে এম হিফজুৰ ৰহমানে। বৰাকত একাংশ হিন্দুত্ববাদী দল-সংগঠনে CABক সমৰ্থন কৰি অহাৰ লগতে সংখ্যালঘূ সম্প্ৰদায়ৰ সকলো দল-সংগঠনে CABৰ প্ৰকাশ্য বিৰোধিতা কৰি আহিছে। ইয়াৰ মাজতেই বিডিপিৰ CAB সমৰ্থনৰ বিষয়টোৱে বৰাকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    • Input- Rahatul Aktar Barbhuiya, Hailakandi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং