23.4 C
Guwahati
Wednesday, October 20, 2021
More

    ‘কচুকটা দিব..কচুকটা দিব। অকল বিদেশীকে নহয়, বিদেশীক বৰপীৰা পাৰি দিয়া তোৰ দৰে স্বদেশীকো অসমীয়াই খুঁচি খুঁচি মাৰিব’- মানুহৰ মুখে মুখে কিয় জনপ্ৰিয় হৈ পৰিছে এই বলিষ্ঠ সংলাপ?

    অকল সাধাৰণ জনতাৰ মাজতেই নহয়, থিয়েটাৰৰ মঞ্চতো কৰা কেব বিৰোধী প্ৰতিবাদে এতিয়া জনতাক আৰু অধিক সমুখলৈ আহি যুঁজ দিবলৈ অণুপ্ৰাণিত কৰিছে

    ”সাৱধান..সাৱধান.. অসমীয়াক ইমান দুৰ্বল বুলি নাভাবিবি। নিচুকনি গীত গাই শুৱাই থোৱা অসমীয়া আজি সাৰ পাইছে। নাগৰিকত্ব সংশোধনী বিধয়েকে অসমীয়াৰ গা জোঁকাৰি গৈছে। কচুকটা দিব..কচুকটা দিব। অকল বিদেশীকে নহয়, বিদেশীক বৰপীৰা পাৰি দিয়া তোৰ দৰে স্বদেশীকো অসমীয়াই খুঁচি খুঁচি মাৰিব।” এই সংলাপ এখন থিয়েটাৰৰ। সংলাপটো শুনিলেই প্ৰতিজন অসমীয়াৰে তেজ উতলি উঠে। সাম্প্ৰতিক সময়ৰ লগত অতি সুন্দৰকৈ খাপ খাই পৰা এই সংলাপে জনসাধাৰণক কেবৰ বিৰুদ্ধে থিয় দিবলৈ উদ্বুদ্ধ কৰি তুলিছে। ২০১৮-১৯ বৰ্ষৰ ইতিহাস থিয়েটাৰৰ অতিকে জনপ্ৰিয় হোৱা এখন নাটক ‘মহাকাল’। ‘মহাকাল’ৰ বলিষ্ঠ অভিনেতা চম্পক শৰ্মাৰ এই গধুৰ আৰু শক্তিশালী সংলাপ এতিয়া সকলোৰে মুখে মুখে শুনিবলৈ পোৱা গৈছে। ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে নাটকখনৰ এই সংলাপ থকা দৃশ্যাংশ।

    উল্লেখ্য যে জাতিধ্বংসী বিধেয়কলৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিয়াৰ পিছৰে পৰা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জুই জ্বলিছে জনতাৰ মাজত। মুঠতে কোনো কাৰণতেই মানি লোৱা নহ’ব কেব। ৰাজ্যৰ বিভিন্ন ঠাইয়ে ঠাইয়ে অমিত শ্বাহ আৰু লগতে সৰ্বা চৰকাৰৰ প্ৰতিনিধিৰ প্ৰতিকৃতি দাহ কৰি সমদল উলিয়াই প্ৰতিবাদ কৰি গৈছে এই জাতিধ্বংসী বিধেয়কৰ। অকল সাধাৰণ জনতাৰ মাজতেই নহয়, থিয়েটাৰৰ মঞ্চতো কৰা কেব বিৰোধী প্ৰতিবাদে এতিয়া জনতাক আৰু অধিক সমুখলৈ আহি যুঁজ দিবলৈ অণুপ্ৰাণিত কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং