28 C
Guwahati
Thursday, October 28, 2021
More

    অসম জাতীয় বিদ্যালয়ৰ কেব বিৰোধী প্রতিবাদ

    এই কাৰ্যসূচীৰ অংশ হিচাপে সকলোৱে মুখত ক’লা কাপোৰ বান্ধি অৱস্থান ধর্মঘট পালন কৰিব

    প্রস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ অসম জাতীয় বিদ্যালয় (নুনমাটি)ৰ শিক্ষক-কর্মচাৰীসকলে ৯ ডিচেম্বৰৰ বিয়লি ৩ বজাৰপৰা ৬ বজালৈ বিদ্যালয় চৌহদৰ সন্মুখত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচীৰ অংশ হিচাপে সকলোৱে মুখত ক’লা কাপোৰ বান্ধি অৱস্থান ধর্মঘট পালন কৰিব।

    এইক্ষেত্ৰত সকলোৰে সহযোগ কামনা কৰিছে অসম জাতীয় বিদ্যালয়ে। উল্লেখযোগ্য যে বর্তমান বছৰেকীয়া পৰীক্ষাৰ পিছত বিদ্যালয়ৰ নিয়মীয়া শ্রেণীসমূহ বন্ধ হৈ থকাৰ বাবে ছাত্র-ছাত্রীসকলে এই প্রতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰিব নোৱাৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং