25 C
Guwahati
Wednesday, October 20, 2021
More

    ক্ৰমাৎ অগ্নিগৰ্ভা ৰাজ্যৰ পৰিস্থিতি, ৰাজ্যৰ চৌদিশে বন্ধৰ ব্যাপক প্ৰভাৱ

    ধেমাজিত কেবৰ প্ৰতিবাদকাৰীৰে সৈতে আৰক্ষী বাহিনীৰ হতাহতি, প্ৰতিবাদত বাধা আৰক্ষীৰ

    নাগৰিকত্ব সংশোধনী বিধেয়ক আজি সংসদত উত্থাপন কৰাৰ প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থাই দিয়া অসম বন্ধ সৰ্বাত্মক ৰূপত দেখা দিছে সকলোতে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোতে জনতাৰ প্ৰতিবাদ। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক আহিব নিদিয়ে অসমৰ জনতাই। প্ৰতিখন জিলাতে টায়াৰ জ্বলাই, কলা বেজ পৰিধান কৰি প্ৰতিবাদ বন্ধৰ সমৰ্থকৰ।

    বঙাইগাঁও আৰু নিউ বঙাইগাঁৱত আক্ৰাছুৱে ৰাজপথত জ্বলালে টায়াৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা ৰ লগতে পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ৷ ছাত্ৰসকলৰো অভিনৱ প্ৰতিবাদ৷ কলা বেজ পৰিধান কৰিলেহে মহাবিদ্যালয়ত প্ৰৱেশৰ অনুমতি৷ আনহাতে বীৰঝৰা মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলে কলা বেজ পৰিধান কৰিলেহে পৰীক্ষাত বহিব লাগিব৷ পৰীক্ষা শেষ কৰি জ্বলাব লাগিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি৷ মূল গেটৰ সন্মুখত ছাত্ৰ-ছাত্ৰী, শিক্ষক সকলোকে কলা বেজ পৰিধান কৰি কলেজৰ চৌহদত প্ৰৱেশ কৰালে ছাত্ৰ সমাজে।

    Photo: Time8

    কেৱবাতিলৰ দাবীত চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰিছে সৰুপথাৰৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাতো। পূৱাৰে পৰা চুতীয়া ছাত্র সন্থাই ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধত সাধাৰণ জনতাই পূৰ্ণ সহযোগিতা কৰা পৰিলক্ষিত হৈছে।

    ধেমাজি জিলাতো ১২ ঘন্টীয়া বন্ধৰ ব্যাপক প্ৰভাৱ। ১২ ঘন্টীয়া অসম বন্ধৰ সময়চোৱাত প্ৰতিবাদমুখৰ হৈ পৰিছে ধেমাজি৷ ঠায়ে ঠায়ে টায়াৰ আদি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ কাৰীসকলে৷ বন্ধ সমৰ্থকাৰীসকলে মুকলিকৈ উলাই আহিছে বন্ধ কৰাবলৈ৷ নিশাৰ ভাগত জিলাখনলৈ অহা সৰু-ডাঙৰ সকলো যান বাহন প্ৰতিবাদ কাৰীয়ে বলপূৰ্বক ভাৱে ৰখোৱা পৰিলক্ষিত হৈছে৷

    সদৌ মৰাণ ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ তিনিচুকীয়াত জিলাতো সৰ্বাত্মক প্ৰভাৱ। স্বতঃস্ফূৰ্তভাৱে বন্ধলৈ সমৰ্থন ব্যৱসায় প্ৰতিষ্ঠান আৰু যানবাহন সমূহৰ। জিলা খনতো ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধৰ সমৰ্থকৰ।

    তিতাবৰতো অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ। জিলাখনত স্তব্ধ জনজীৱন। ৰাজপথে ৰাজপথে প্ৰতিবাদৰ দাবানল।

    ধেমাজিত কেবৰ প্ৰতিবাদকাৰীৰে সৈতে আৰক্ষী বাহিনীৰ হতাহতি। প্ৰতিবাদত বাধা আৰক্ষীৰ।

    জাতীধ্বংসী বিধেয়কৰ বিৰোধিতা কৰি আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়। সংগঠনটোৰ বহু সদস্যই ওলাই আহি কলাইগাওঁ চহৰৰ ৰাজপথত কেইবা ঠাইটো টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে অগপক অসম বিৰোধী কোনো কাম নকৰিবলৈ সকিয়নী প্ৰদান কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং