27 C
Guwahati
Wednesday, October 13, 2021
More

    সিদ্ধাৰ্থ ভট্টাচাৰ্যক চামগুৰি ছাত্ৰ সন্থাই দিব সাহসিকতা বটাঁ, পিছে কিয়?

    নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য

    শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কটন বিশ্ববিদ্যালয়ত ৯০% কেব সৰ্মথকৰ প্ৰমাণ দিব পাৰিলে ছাত্ৰ সন্থাই দিব সাহসিকতা বটাঁ। চামগুৰিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যই এইদৰে বটাঁ প্ৰদানৰ কথা উল্লেখ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সময়ত। চামগুৰিত এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে উত্তাল প্ৰতিবাদ জনতাৰ।

    বন্ধ সমৰ্থন কৰি টায়াৰ জ্বলাই, নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য। প্ৰতিবাদক কেন্দ্ৰ কৰি ওলাই আহিছে সাধাৰণ জনতা, যাৰ বাবে এতিয়া তীব্ৰ যানজঁট ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দিশে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং