30 C
Guwahati
Wednesday, October 27, 2021
More

    বন্ধ কোঠাত তেল ঢালি জ্বলাই হত্যাৰ পৰিকল্পনা জোৱানৰ দলক

    টায়াৰ জ্বলাই আৰু পেট্ৰ'ল বম পেলাই জোৱানৰ দলক আগবঢ়াতো বাধা দিয়ে প্ৰতিবাদকাৰীয়ে

    নিন্দনীয় ঘটনা সংঘটিত হোৱাৰ দিশে আগবাঢ়িছিল উত্তৰ প্ৰদেশৰ মেৰঠ। কেইবাজনো জোৱানক কোঠাত বন্ধ কৰি জীৱিত অৱস্থাতে গাত তেল ঢালি জ্বলোৱাৰ পৰিকল্পনা। পিছে সঠিক সময়ত অন্য এক জোৱানৰ দল ঘটনাস্থলিত উপস্থিত হোৱাত কথমপি ৰক্ষা পৰিল ভুক্তভোগী জোৱান কেইজন।

    ঘটনাটো সংঘটিত হৈছিল ২০ ডিচেম্বৰ তাৰিখতেই পিছে সুৰক্ষাজনিত কাৰণৰ বাবে আজিহে পোহৰলৈ আহে এই ঘটনা। জানিব পৰা মতে, মেৰঠত চলি থকা প্ৰতিবাদত কৰ্তব্য পৰিছিল দুটাকৈ জোৱানৰ দলৰ। পিছে সীলমপুৰত হোৱা প্ৰতিবাদৰ বাবে এটা দল যাব লগা হৈছিল তাত আৰু আনটো দল গৈছিল মেৰঠলৈ।

    পিছে মেৰঠত জোৱানৰ দলটো উপস্থিত হোৱাৰ পিছতেই প্ৰতিবাদকাৰী আৰু অধিক উগ্ৰ হৈ পৰি খেদি আহে দলটোক। প্ৰতিবাদকাৰীৰ পৰা ৰক্ষা পাবৰ বাবে দলটোৱে আশ্ৰয় লয় এখন দোকানৰ। যেতিয়াই জোৱানৰ দলয়ো দোকানখনৰ ভিতৰলৈ সোমাই যায় প্ৰতিবাদকাৰীয়ে লগে লগেই বন্ধ কৰি দিয়ে দোকানৰ শ্বাটাৰ। আৰু বাহিৰৰ পৰাই তেল ঢালি জ্বলাই দিয়াৰ বাবে উদ্যোত হয় প্ৰতিবাদকাৰী সকল।

    পিছে ঠিক তেনে সময়তে তাত গৈ উপস্থিত হয় অন্য এটা জোৱানৰ দল। জোৱানৰ দল দেখিয়ে পিছ হুহকি যায় প্ৰতিবাদকাৰী, আৰু প্ৰাণ ৰক্ষা পৰে ভিতৰত থকা জোৱান কেইজনৰ। লগতে টায়াৰ জ্বলাই আৰু পেট্ৰ’ল বম পেলাই জোৱানৰ দলক আগবঢ়াতো বাধা দিয়ে প্ৰতিবাদকাৰীয়ে।

    Photo Credit: Huffpostindia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং