35 C
Guwahati
Wednesday, October 13, 2021
More

    CAAৰ বিৰুদ্ধে আৰু মজুৰি বৃদ্ধিৰ দাবীত ৰাণী চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

    যোৱা বছৰৰ পৰাই চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা কৈ আহিছে যদিও বৰ্তমানলৈ চৰকাৰে কোনো পদক্ষেপ হাতত লোৱা নাই

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল চাহ শ্ৰমিক। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চাহ শ্ৰমিকে সাব্যস্ত কৰিলে প্ৰতিবাদ। নৰেন্দ্ৰ মোদী মুর্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, CAA আমাক নালাগে আদি শ্ল’গানেৰে ৰাণী চাহ বাগিচাৰ কৰ্মচাৰীয়ে উত্তাল কৰি তোলে ৰাণী চাহ বাগিচা অঞ্চল।

    কোনো কাৰণতে এই জাতিধ্বংসী আইন মানি লোৱা নহ’ব বুলি কোৱাৰ লগতে চাহ শ্ৰমিকৰ প্ৰাপ্য মজুৰি আদায় দিয়াৰ লগতে মজুৰি বৃদ্ধিৰ দাবীত চৰকাৰ বিৰোধী বিভিন্ন ধ্বনিৰে পৰিবেশ উত্তাল কৰে চাহ শ্ৰমিকসকলে।

    যোৱা বছৰৰ পৰাই চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা কৈ আহিছে যদিও বৰ্তমানলৈ চৰকাৰে কোনো পদক্ষেপ হাতত লোৱা নাই। যাৰ বাবে আজি শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কৰ্মবিৰতি পালন কৰে। লগতে চৰকাৰক অতিশীঘ্ৰে চাহ শ্ৰমিকসমূহৰ মজুৰি বৃদ্ধিৰ দাবী জনায়।

    Photo :@dulankalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং