26 C
Guwahati
Friday, October 7, 2022
More

    কামপুৰত ‘কা’ৰ বিৰুদ্ধে ৰণশিঙা; অজিত- শৃংখল-ৰুবুল-পলাশৰ ৰণহুংকাৰ

    অসমৰ সৰ্বশ্ৰেষ্ঠ ভয়াতুৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি কটাক্ষ সাংবাদিক অজিত ভূঞাৰ

    কামপুৰ আৰু লুটুমাৰীত ‘কা’ বিৰোধী দুখনকৈ বিশাল গণসভা। কামপুৰৰ কেন্দ্ৰীয় ৰাস পথাৰত কেইবা সহস্ৰাধিক লোকৰ সমাগমত অনুষ্ঠিত হয় ৰণশিঙা ৷ কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত উপস্থিত থাকে গণশিল্পী সূৰ্য দাস, লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস।

    সভাৰ আৰম্ভনিতে ‘কা’ বিৰোধী আন্দোলনত আৰক্ষীৰ গুলিত মৃত্যু হোৱা পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলী জনায় ৷ সভাত গণশিল্পী সূৰ্য দাসৰ উদ্দাত্ত ভাষণত কয় মোক তোমালোকে কিমান বাৰ গুলিয়াবা, মই সিমান বাৰেই আহিম ৷ এই গণতন্ত্ৰ ভুৱা গণতন্ত্ৰ ৷ হেংদাং থাকিলে নহ’ব ব্যৱহাৰ কৰিব লাগিব ৷ বিপ্লৱ হ’লে বিস্ফোৰণ হ’বই লাগিব ৷ আম পকাই নাই দৰ দাম হ’লেই, এতিয়া ৰাজনীতি দলৰ প্ৰয়োজন হোৱা নাই প্ৰথমে অসমীয়া একগোট হোৱা ৷ কোনো চৰকাৰক বিশ্বাস নকৰিব ৷

    ‘কা’ক সকলোৱে মাৰি পেলাব লাগে, ‘কা’ৰ জড়িয়তে বিদেশী আহিলে অসম ৰক্তাক্ত হ’ব ৷ ইফালে বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ মন্তব্য অসমী আইৰ লগত আপোচ কৰা নহ’ব, বদন কেতিয়াও লাচিত হ’ব নোৱাৰে ৷ কেৱল দুজন মানুহে এটা ৰাজনৈতিক দল খুলিব নোৱাৰে ৰাইজে ক’ব লাগিব ৷

    আনহাতে অসমৰ সৰ্বশ্ৰেষ্ঠ ভয়াতুৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি কটাক্ষ কৰি সাংবাদিক অজিত ভূঞাই হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি উদ্দাত্ত ভাষণ প্ৰদান কৰে ৷ ইফালে লুটুমাৰী লংজাপত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে সাংবাদিক মনজিৎ মহন্ত আৰু সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং