27 C
Guwahati
Wednesday, October 13, 2021
More

    কাৰ্বি আংলঙত চাইকেল ৰেলীৰে কা বিৰোধী প্ৰতিবাদ

    ৰাজ্যৰ সৰ্বত্ৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনসমূহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে

    পশ্চিম কাৰ্বি আংলঙত কা বিৰোধী প্ৰতিবাদ। কাৰ্বি ছাত্ৰ সন্থাৰ ৩০ কিলোমিটাৰ যোৰা চাইকেল ৰেলী । কাৰ্বি ছাত্ৰ সন্থাৰ ছেমচন টেৰন গোটৰ সহস্ৰাধিক ছাত্ৰৰ অংশগ্ৰহণ। ৰাজ্যৰ সৰ্বত্ৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনসমূহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে । পাৰ্বত্য জিলা কাৰ্বি আংলঙো ইয়াৰ ব্যতিক্ৰম নহয়।

    জিলাখনৰ খেৰণি বজাৰৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সহস্ৰাধিক ছাত্ৰই ডংকামোকামলৈ এক ৩০ কিলোমিটাৰ যোৰা বিশাল চাইকেল ৰেলী বাহিৰ কৰে। উল্লেখ্য যে, কাৰ্বি ছাত্ৰ সন্থাৰ বৈঠালাংছ’ আৰু টুম্প্ৰেঙৰ ছাত্ৰসকলে ডংকামোকামত সমৱেত হৈ এই বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰে।

    ইফালে এই চাইকেল ৰেলীত ছাত্ৰসকলে ফেষ্টুন লৈ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, কাৰ্বি ছাত্ৰ সন্থা জিন্দাবাদ, বাংলাদেশী হায় হায়, অসমত বাংলাদেশীৰ স্থান নাই আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

    Input : Jyoti Prasasd Hazarika

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং