27 C
Guwahati
Monday, November 29, 2021
More

    ‘কা’ৰ শুনানিৰ দিনাই শ্ৰেণীবৰ্জন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

    ৰাজপত্ৰিত অধিসূচনা জ্বলাই প্ৰতিবাদ

    ‘কা’ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি। আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ ভাগ্য নিৰ্ধাৰণ হ’ব।

    মুঠ ১৪৪খন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।উল্লেখ্য যে আজি শুনানি হ’বলগীয়া এই গোচৰটোৰ ৭৫টা পক্ষৰ ভিতৰত আছে অসমৰ বিভিন্ন দল–সংগঠনৰ সদৌ অসম ছাত্র সন্থা, সদৌ অসম উকীল সন্থা, অসম বধিৰ সন্থা, ৰাজ্যিক জমিয়ত, অসম প্রদেশ কংগ্রেছ কমিটী, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, সদৌ অসম মটক সন্মিলন, অসম সাহিত্য সভা, ডিগবৈ আই অ’ চি এল ঠিকাদাৰ সন্থা, অসম সংখ্যালঘু সংগ্রাম পৰিষদ, যোৰহাট বাৰ এছ’চিয়েচন, ড০ হীৰেন গোহাঁই, মতিউৰ ৰহমান, ড০ অপূর্ব কুমাৰ বৰুৱা আৰু লাচিত বৰদলৈকে ধৰি১৮খন আবেদন৷

    বিতৰ্কিত আইনখন বাতিল আৰু স্থগিতকৰণৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ আব্দুল নজীৰ আৰু ন্যায়াধীশ সঞ্জীৱ খাট্টাৰ বিচাৰপীঠে প্ৰদান কৰিব ৰায়দান।

    ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে ‘কা’ বিৰোধী প্ৰতিবাদ। শুনানিৰ দিনাই শ্ৰেণীবৰ্জনৰ লগতে ৰাজপত্ৰিত অধিসূচনা জ্বলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং