ৰাজ্যজুৰি কাৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ। তিনিচুকীয়া জিলাৰ শদিয়াত শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৩০ জাতীয় জনগোষ্ঠীয় সংগঠন আৰু শদিয়াবাসী ৰাইজৰ সহযোগত গণ গৰ্জন কাৰ্যসূচী। এই কাৰ্য্যসূচীত প্ৰায় ৫ সহশ্ৰাধিক প্ৰতিবাদী ৰাইজ উপস্থিত হৈ ‘কা’ৰ তীব্ৰ বিৰোধিতা কৰে।
এই গণ গৰ্জন কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে কন্ঠশিল্পী মানস ৰবীন। দুয়োগৰাকীয়ে উপস্থিত জনতাৰ আগত কা’ৰ তীব্ৰ বিৰোধিতা কৰে আৰু এই সংগ্ৰাম অব্যাহত ৰখাৰ কথা কয়।